ৰাজকমল চাংকাকতি
চৌপাশে উজ্জ্বল পোহৰত তীক্ষ্ণ শব্দবোৰৰ সাগৰ। সেই শব্দবোৰৰ মাজতে এটা 'দ্বীপ'। তাৰপৰাই কিচিৰ-মিচিৰ শব্দবোৰ। দ্বীপটো অসমীয়াৰ প্রিয় সেই সৰু পক্ষীবিধৰ। জিএছ ৰোডত গতিশীল বাহনৰ শব্দ-সমুদ্ৰৰ মাজত ঘৰচিৰিকাৰ মাতৰ এটা প্ৰকৃতিময় 'পক্ষীদ্বীপ' এজোপা গছ।
বহু বছৰৰ পৰা প্ৰতি গধূলি আৰু নিশা জিএছ ৰোডৰ খ্ৰীষ্টানবস্তিত পদপথত লাগি থকা গছডালত বহে শ শ ঘৰচিৰিকা। সিহঁতৰ কিচিৰ-মিচিৰ শব্দবোৰে যেন যুঁজ চলায় যন্ত্ৰযুগৰ কৰ্কশ শব্দবোৰেৰে। এয়া যেন কংক্ৰিটৰ সভ্যতাৰ মাজত প্ৰকৃতিৰ অস্তিত্ব ৰক্ষাৰ এটা সংগ্ৰাম! ঘৰচিৰিকা নামৰ পক্ষীবিধৰ বাবে ৰাজপথৰ কাষৰ এই পৰিৱেশ মুঠেই অনুকূল নহয়। তথাপিও প্ৰতি গধূলি সিহঁতৰ সমাগমে মনলৈ আনে এটা আশাৰ বতৰা। সিহঁতে প্ৰতিকূল পৰিৱেশ-প্ৰদূষণৰ সৈতে 'এডজাষ্ট' হবলৈ শিকিছে, পুৰণি সময়ৰ পৰাই সিহঁতৰ আপোনভূমিক সিহঁতে সহজে এৰি নিদিয়ে- এয়াই আশাৰ বতৰা।
জিএছ ৰোডৰ ঘৰচিৰিকাবোৰে প্ৰকৃতিপ্ৰেমীৰ মনত আশাৰ সঞ্চাৰ কৰে যদিও সেয়া ক'লা মেঘ ফালি অকণমান সময়ৰ বাবে ওলোৱা সূৰ্যৰ ৰশ্মিৰ দৰেহে। বৃহত্তৰ চিত্ৰখন এয়ে যে সমগ্ৰ ভাৰতৰ লগতে অসমতো দ্ৰুতগতিত সংখ্যা হ্ৰাস হ'বলৈ ধৰিছে ঘৰচিৰিকাৰ। বিশেষকৈ ভাৰতৰ চহৰসমূহৰ পৰা অন্তৰ্হিত হৈছে ঘৰচিৰিকা। এই পক্ষীবিধে খেৰৰ ঘৰ, ভাৰতীয় বিভিন্ন প্ৰকাৰৰ অথবা অসম আৰ্হিৰ ঘৰৰ মূধচ, চাদ আদিৰ সুৰুঙাত বাহ সাজে। ভাৰতৰ বা অসমৰ চহৰসমূহত এনে ঘৰৰ স্থান ক্ৰমান্বয়ে পকী ঘৰ বা ফ্লেট-এপাৰ্টমেণ্টে লোৱাত পক্ষীবিধৰ বাহ সজা ঠাইৰ অভাৱ হৈছে। গতিকে চহৰৰ পৰা অন্তৰ্ধান হ'বলৈ ধৰিছে ঘৰচিৰিকা।
চহৰত খাদ্য সংকটৰো সম্মুখীন হৈছে ঘৰচিৰিকা। ঘৰচিৰিকাৰ প্ৰধান খাদ্য হৈছে ধানকে ধৰি বিভিন্ন শস্যৰ বীজ। চহৰত ঘৰৰ সন্মুখত মুকলিকৈ ধান, চাউল, দাইল আদি পৰিষ্কাৰ কৰাৰ পৰা নাগৰিকসকল ক্ৰমান্বয়ে আঁতৰি অহাত ঘৰচিৰিকাৰ বাবে খাদ্যৰ অভাৱ হ'বলৈ ধৰিছে। পৃথিৱীৰ চৌম্বিক ক্ষেত্ৰ চিনাক্ত কৰি ইফালে-সিফালে আগবাঢ়ে পক্ষীকুলে। চহৰত মোবাইল ফোনৰ বৰ্ধিত বিকিৰণে ঘৰচিৰিকাক এই পদ্ধতিৰে চলন-ফুৰণ কৰাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে। যাৰবাবে পক্ষীবিধ ক্ৰমশঃ আঁতৰি গৈছে চহৰৰ পৰা। দেশৰ গ্ৰামাঞ্চলতো মুকলিকৈ শস্য পৰিষ্কাৰ কৰা প্ৰক্ৰিয়া অন্তৰ্হিত হৈ তাৰ স্থান লৈছে আধুনিক ব্যৱস্থাই।
শস্য বীজ প্লাষ্টিক আৰু কাপোৰৰ মোনাত ভৰাই থোৱাৰ ব্যৱস্থাৰ বহুল প্ৰচলন হ'বলৈ ধৰাত ঘৰচিৰিকা খাদ্য সংকটত ভুগিবলৈ ধৰিছে। গ্ৰামাঞ্চলৰ খেতিপথাৰত কীটনাশকৰ প্ৰয়োগ অধিক হ'বলৈ ধৰাত শস্য পথাৰত কীট-পতংগ বিচাৰি নাপাই সংকটৰ মুখামুখী হৈছে পক্ষীবিধ। ইফালে ভাৰতৰ গাঁওসমূহতো মোবাইল বিকিৰণৰ তীব্ৰতা দিনক-দিনে অধিক হ'বলৈ ধৰিছে। এনেদৰে ভাৰতৰ নগৰৰ লগতে গাঁও এলেকাতো অস্তিত্বৰ সংকটত এই পক্ষীবিধ।
জিএছ ৰোডত সেই গছজোপাত শতাধিক ঘৰচিৰিকা দেখাৰ কাৰণ হয়তো এয়ে যে সেই ঠাইখিনিত সিহঁতে পৰ্যাপ্ত খাদ্য লাভ কৰে। যাৰ কাৰণে প্ৰতিকূল পৰিৱেশৰ সৈতে যুঁজিও ঠাইখিনিত পক্ষীবিধ আছে। কিন্তু বৃহত্তৰ প্ৰেক্ষাপটত এই বুলিয়ে ক'ব লাগিব যে গুৱাহাটীৰ অন্যান্য ঠাইসমূহৰ পৰা ঘৰচিৰিকাসমূহ ক্ৰমশঃ আঁতৰি গৈছে। মহানগৰৰ পৰা যাতে সকলোখিনি ঘৰচিৰিকা আঁতৰি নাযায়, তাৰবাবে প্ৰকৃতিপ্ৰেমীসকলে কিছু কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ দৰকাৰ। গুৱাহাটীৰ বাসিন্দাসকলে যদি নিজ নিজ বাসস্থানৰ চাদ আৰু মূধচত ঘৰচিৰিকাৰ বাহ সজাৰ উপযোগী সৰু বাকচ ৰাখে, কিছু শস্য বীজ মুকলিকৈ ৰাখিব পাৰে; তেন্তে ঘৰচিৰিকাসমূহৰ প্ৰত্যাৱৰ্তনৰ সম্ভাৱনা নিশ্চয় থাকিব।
২০ মাৰ্চৰ বিশ্ব ঘৰচিৰিকা দিৱসৰ ঘৰচিৰিকা সংৰক্ষণৰ সংকল্প মহানগৰবাসীয়ে গ্ৰহণ কৰাটো দৰকাৰ। অসমীয়াৰ প্রিয় ঘৰুৱা পক্ষী, কৃষিভিত্তিক গ্রাম্য জীৱনৰ সৈতে ওতপ্ৰোতভাৱে জড়িত ঘৰচিৰিকাক নগৰ-চহৰসমূহলৈ ওভতাই আনিব লাগিব। শেষত এইটোৱে আশা কৰিছোঁ যে জিএছ ৰোডত সদায় অক্ষত থাকক 'পক্ষীদ্বীপ'টো। সদায় গধূলি যাতে শুনিবলৈ পৰা যায়, ঘৰচিৰিকাবোৰৰ কিচিৰ-মিচিৰ শব্দ।
- Log in to post comments
- 123 views