প্ৰথম যৌৱনপ্ৰাপ্তিৰ মাদকতাত যুৱক-যুৱতীসকল হৈ পৰে অধিক আৱেগ প্ৰৱণ৷ যৌৱনৰ বা গাত লাগি পমুৱা তুলাৰ দৰে উৰি ফুৰিবৰ মন যায়৷ যৌৱনপ্ৰাপ্তিৰ লগে লগে লাভ কৰা মনো-দৈহিক পৰিৱৰ্তনে তেওঁলোকক ৰোমাঞ্চিত কৰি তোলে৷ ফলত মন-প্ৰাণ হৈ পৰে উতলা৷ উন্মনা ফাগুনৰ দৰে হৈ পৰে তেওঁলোক৷ কিন্তু ফাগুনৰ পছোৱাই আঁজুৰি নাঙঠ কৰা প্ৰকৃতিৰ দেহত সেউজীয়া চোলাৰ আৱৰণ পিন্ধাই ন-ৰূপত বসন্তক আদৰাৰ প্ৰতিশ্ৰুতিভৰা ফাগুনৰ উন্মাদনাক অনুভৱ কৰিবৰ বাবে যুৱক-যুৱতীসকলক প্ৰস্তুত কৰি তোলাটো অতি প্ৰয়োজন৷ কিয়নো যৌৱনৰ উচ্ছ্বাসত উচ্ছ্বসিত হৈ তেওঁলোকৰ দৃষ্টিত ধৰা দিয়া সেউজীয়াবোৰ কেতিয়াবা হালধীয়া পৰিও যাব পাৰে-- যদিহে এই ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা নহয়৷
গতিকে যৌৱনৰ বলিয়া বতাহৰ জিঘাংসাৰ আঁচোৰৰ পৰা যৌৱনটোক নিলগে ৰাখি যৌৱনৰ প্ৰকৃত ৰং উপভোগৰ প্ৰতি যুৱক-যুৱতীসকলক সতৰ্ক কৰি ৰখাটো অতি প্ৰয়োজন৷ যৌৱনে দিয়া উচ্ছ্বাস, মাদকতা আৰু কৌতুহলী মনক সঠিক দিশত, গঠনাত্মকভাৱে ব্যৱহাৰ কৰিব নোৱাৰিলে যুৱক-যুৱতীসকল যৌৱনৰ অসুখত ভোগাটো নিশ্চিত৷ সেয়েহে যৌৱনটোক এখন পালতৰা নাৱৰ দৰে উটি-ভাহি যাব নিদি, গুৰিব'ঠা ধৰি লক্ষ্যপ্ৰাপ্তিৰ দিশে আগুৱাই নিবলৈ তেওঁলোকক উপযুক্ত শিক্ষা, সামাজিক পৰিৱেশ, প্ৰয়োজনীয় উপাদান আৰু প্ৰয়োজনত অনুশাসন ব্যৱস্থাৰ আওতাত ৰাখিব লাগে৷ ইয়াৰ বাবে ঘৰ আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ দায়িত্ব অতি গুৰুত্বপূৰ্ণ৷
যৌৱনপ্ৰাপ্তিত যুৱক-যুৱতীৰ ওপৰত ঘৰখনৰ অসীম দায়িত্ব আছে৷ প্ৰথম কথা হ'ল, যুৱক-যুৱতীসকলৰ নৈতিকতা আৰু মূল্যবোধৰ শিক্ষালাভৰ আধাৰস্বৰূপ হ'ল ঘৰখন৷ ঘৰুৱা পৰিৱেশে যুৱক-যুৱতীৰ চৰিত্ৰ গঠনত বিশেষ প্ৰভাৱ পেলায়৷ এই ক্ষেত্ৰত পিতৃ-মাতৃয়ে বিশেষ সতৰ্কতা অৱলম্বন কৰিব লাগে৷ যৌৱনৰ অনুসন্ধিৎসু মনৰ কৌতুহলবোৰ পিতৃ-মাতৃয়ে যিমান পাৰি সহজ-সৰল আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰে নিবাৰণৰ চেষ্টা কৰিব লাগে৷ কোনো ক্ষেত্ৰতে গা এৰা দিয়া মনোভাব, মিছা আশ্বাস, বিশ্বাস বা পলায়নবাদী স্বভাৱেৰে আঁভুৱা-ভাৰিব নালাগে৷ ঘৰখনত যাতে এক সুস্থ আৰু সাংস্কৃতিক বাতাৱৰণ অটুট থাকে তাৰ প্ৰতি সতৰ্ক হ'ব লাগে৷ যুৱক-যুৱতীসকলক এটা সংস্কৃতিৱান মনৰ অধিকাৰী কৰিবৰ বাবে সদায় গঠনমূলক চিন্তা-কৰ্মৰ প্ৰতি আকৃষ্ট কৰিব লাগে৷ ঘৰুৱা পৰিৱেশ আৰু আচাৰ-ব্যৱহাৰে যুৱক-যুৱতীক অতি বেছিকৈ প্ৰভাৱিত কৰে৷
সেয়েহে তেওঁলোকক এনেকুৱা এটা পৰিৱেশ প্ৰদান কৰিব লাগে, য'ত নিজকে সম্পূৰ্ণ আশ্বস্ত অনুভৱ কৰিব পাৰে৷ প্ৰেম, ভালপোৱা, যৌনতা আদি বিষয়বোৰৰ ওপৰত যথাসম্ভৱ বৈজ্ঞানিক জ্ঞান আৰু সামাজিক পৰম্পৰা, নৈতিকতাভিত্তিক পৰামৰ্শ প্ৰদান কৰিব লাগে৷ নিজৰ ৰুচি-অভিৰুচিবোৰ পূৰণৰ বাবে উৎসাহিত কৰিব লাগে, কিন্তু যাতে অৰুচিকৰ মনোভাব গঢ় লৈ উঠিব নোৱাৰে তাৰ প্ৰতি সচেষ্ট হ'ব লাগে৷ অতি বেছি হকা-বাধা কৰিলে তেওঁলোক বিদ্ৰোহী হৈ পৰে৷ ভাল-বেয়া দিশকেইটা আঙুলিয়াই দি চিন্তা আৰু কৰ্মৰ স্বাধীনতা প্ৰদান কৰিব লাগে, কিন্তু অদৃশ্য অনুশাসনৰ ডোলেৰে বান্ধি ৰাখিব লাগে৷ আজিৰ ভোগবাদী আৰু আত্মকেন্দ্ৰিক আধুনিক সমাজ ব্যৱস্থাত বিভিন্ন সহজলভ্য উৎসৰ প্ৰতি যুৱক-যুৱতীসকল আকৃষ্ট হোৱাটো নিতান্তই স্বাভাৱিক৷
এনে ক্ষেত্ৰত তেওঁলোকক আধুনিক সমাজ ব্যৱস্থাৰ লগত চিনাকি কৰাই দিওঁতে আমাৰ সংস্কৃতি আৰু পৰম্পৰাৰ জ্ঞানখিনি আগতীয়াকৈ প্ৰদান কৰিব লাগে৷ বৰ্তমান সময়ত যুৱ-উচ্ছৃংখলতা এটা প্ৰধান সমস্যা হিচাপে দেখা দিছে৷ মুক্ত যৌনতা, অপৰাধ প্ৰৱণতা, অপসংস্কৃতি আদি সমস্যাবোৰে যুৱ সমাজক ৰঘুমলাৰ দৰে আক্ৰমণ কৰিছে৷ কিন্তু এনেধৰণৰ যৌৱনৰ অসুখত ভোগা যুৱক-যুৱতীসকলৰ মনস্তাত্ত্বিক দিশ বিশ্লেষণ কৰি চালে দেখা যায় যে ইয়াৰ বাবে সামাজিক পৰিৱেশ ৮০ শতাংশই দায়ী৷ সমাজ যিহেতু পৰিয়ালৰ পৰাই সৃষ্টি হয়, গতিকে পৰিয়ালসমূহৰ আত্মকেন্দ্ৰিক, ভোগবাদী আৰু অ-সাংস্কৃতিক পৰিৱেশ যুৱ-উচ্ছৃংখলতাৰ বাবে প্ৰধানকৈ দায়ী৷ সেয়েহে যুৱক-যুৱতীসকলৰ সুস্থ-সবল সামাজিক দায়িত্ব, ৰুচিপূৰ্ণ আৰু সৎ নাগৰিক হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত ঘৰখনৰ প্ৰথম আৰু প্ৰধান দায়িত্ব৷ আনহাতে, বিদ্যালয়-মহাবিদ্যালয়সমূহ হ'ল তেওঁলোকৰ দ্বিতীয় ঘৰ৷
গতিকে ইয়াৰ পৰিৱেশ, শিক্ষা ব্যৱস্থা, শৈক্ষিক প্ৰণালী, পাঠ্যক্ৰম, শিক্ষকৰ প্ৰভাৱ আদি বিষয়বোৰেও যুৱক-যুৱতীসকলৰ ওপৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলায়৷ বৰ্তমান বিশ্বায়ন আৰু আধুনিকতাৰ নামত বৈষয়িক শিক্ষাই নৈতিকতাৰ ডিঙি চেপি ধৰাৰ লগতে প্ৰতিযোগিতামুখী বাতাৱৰণ সৃষ্টি কৰি যুৱক-যুৱতীসকলক যন্ত্ৰসদৃশ কৰি তুলিছে৷ ফলত তেওঁলোক হৈ পৰিছে এফালে নৈতিকতাহীন, আনফালে প্ৰবল আত্মকেন্দ্ৰিক৷ প্ৰতিযোগিতাৰ দৌৰত ট্ৰেকৰ পৰা পিচলি পৰা যুৱক-যুৱতীসকল হৈ পৰিছে পথভ্ৰষ্ট আৰু আধুনিকতাৰ নামত ৰোপণ কৰিছে অপসংস্কৃতিৰ বীজ৷
এনে ক্ষেত্ৰত শিক্ষানুষ্ঠানবোৰে মানৱ সম্পদ গঢ়াৰ মানৱীয় কৰ্তব্য নাপাহৰি নিজৰ দায়িত্ব পালনত অধিক সতৰ্ক হ'ব লাগে আৰু গুৰু-শিষ্যৰ মণিকাঞ্চন সংযোগেৰে ছাত্ৰ-ছাত্ৰীসকলক সমাজ-সংস্কৃতিৰ প্ৰতি দায়বদ্ধ কৰি তুলিব লাগে৷ ইয়াৰ উপৰি পাঠ্যক্ৰমসমূহত মানৱীয় প্ৰমূল্যবোধৰ শিক্ষাৰ প্ৰয়োজনীয়তা বৰ্তমান অধিক অনুভৱ হৈছে৷ সময়ৰ লগত পৰিৱেশৰ পৰিৱৰ্তন আৱশ্যম্ভাৱী যদিও তেনে পৰিৱৰ্তনে যাতে আমাক সময়ৰ সোঁতত উটুৱাই লৈ নাযায় তাৰবাবেও সচেষ্ট হ'ব লাগে৷ বিদ্যালয়-মহাবিদ্যালয়সমূহত সেয়েহে বৰ্তমান নৈতিক, আধ্যাত্মিক আৰু সামাজিক-সাংস্কৃতিক মূল্যবোধৰ শিক্ষাৰ গুৰুত্ব অধিক অনুভৱ হৈছে৷
যুৱক-যুৱতীসকলৰ যৌৱনৰ উত্তাল তৰংগক ধ্বংসাত্মক ছুনামী হোৱাৰ পৰা ৰক্ষা কৰি সমাজ পোহৰ কৰা শক্তি হিচাপে উৎপাদন কৰিবৰ বাবে সকলো পক্ষই আন্তৰিকতাৰে গুৰুত্ব প্ৰদান কৰিলে যুৱক-যুৱতীসকলৰ যৌৱনৰ অসুখ পুলিয়ে-পোখাই উভালি পেলোৱাৰ আশা কৰাটো নিশ্চয় অলীক সপোন নহ'ব৷
- Log in to post comments
- 5138 views