গুজৰাট বিশ্ববিদ্যালয় চৌহদত চলিব গৰুগাড়ী

গুজৰাট বিশ্ববিদ্যালয় চৌহদত চলিব গৰুগাড়ী

গুজৰাটৰ বীৰ নৰ্মদ দক্ষিণ গুজৰাট বিশ্ববিদ্যালয় চৌহদত চলিব গৰুগাড়ী ৷ কৃষিৰ মহত্ব আৰু প্ৰদূষণ হ্ৰাসৰ বাবেই বিশ্ববিদ্যালয়খনে গৰুগাড়ী চলোৱাৰ কথা চিন্তা কৰিছে ৷

বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য শিবেন্দ্ৰ গুপ্তাই সদৰী কৰামতে, বিশ্ববিদ্যালয় চৌহদত আন সকলো ধৰণৰ বাহন চলাচলত বাধা আৰোপ কৰা হৈছে ৷ বিশ্ববিদ্যালয়খনৰ যিকোনো বিভাগ বা কাৰ্যালয়লৈ যাবলৈ হ'লে ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীসকলে গৰুগাড়ীত উঠি যাব লাগিব ৷ অৱশ্যে গৰুগাড়ীত উঠিবলৈ নিয়মীয়া ভাড়া আদায় দিব লাগিব ৷

গুজৰাট বিশ্ববিদ্যালয় চৌহদত চলিব গৰুগাড়ী

বিশ্ববিদ্যালয়খনৰ উপচাৰ্যগৰাকীয়ে অৱশ্যে কেতিয়াৰ পৰা চৌহদত গৰুগাড়ী চলাৰ ব্যৱস্থা কৰিব সেই কথা এতিয়ালৈ সদৰী কৰা নাই ৷ উল্লেখ্য যে বিশ্ববিদ্যালয়খনত অনুষ্ঠিত দুদিনীয়া কৃষি সম্পৰ্কীয় এক অনুষ্ঠানত ভাগ লৈ উপচাৰ্যগৰাকীয়ে এই ঘোষণা আগবঢ়ায় ৷

এই সম্পৰ্কত উপচাৰ্যগৰাকীয়ে ইতিমধ্যে ৰাজ্যৰ কৃষিমন্ত্ৰীলৈ এক পত্ৰও প্ৰেৰণ কৰিছে ৷ আনহাতে, এই অনুষ্ঠানতে উপাচাৰ্যগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ চৌহদত এখন গো-শালা নিৰ্মাণ কৰাৰো প্ৰস্তাৱ গ্ৰহণ কৰে ৷

Your Comments