নালন্দাত দেশৰ দ্বিতীয় সৰ্বোচ্চ উচ্চতাৰ বুদ্ধ মূৰ্তি উন্মোচন নীতিশ কুমাৰৰ

নালন্দাত দেশৰ দ্বিতীয় সৰ্বোচ্চ উচ্চতাৰ বুদ্ধ মূৰ্তি উন্মোচন নীতিশ কুমাৰৰ

বিহাৰৰ মুখ্য মন্ত্ৰী নীতিশ কুমাৰে ৰাজ্যখনৰ নালন্দা জিলাৰ ৰাজগিৰ নামৰ ঠাইত ৭০ ফুট ওখ তথা দেশৰ দ্বিতীয় সৰ্বোচ্চ উচ্চতাৰ বুদ্ধ মূৰ্তিটো উন্মোচন কৰে ৷

এই অনুষ্ঠানটোত মহাবোধি বৌদ্ধ মন্দিৰৰ প্ৰধান পুৰোহিত ভাণ্টে ছালিন্দাৰ উপস্থিত থাকে ৷

এই মূৰ্তিটো ঘোৰাকটোৰা নামৰ হ্ৰদৰ মাজত ১৬ মিটাৰ ব্যৱধান সাপেক্ষে নিৰ্মাণ কৰা এখন মঞ্চত প্ৰতিষ্ঠা কৰা হৈছে ৷

উল্লেখ্য যে মূৰ্তিটো নিৰ্মাণৰ বাবে ৪৫,০০০ ঘনফুট গুলপীয়া শিল-বালি ব্যৱহাৰ কৰা হৈছে ৷

Your Comments