আদালতত আত্মসমৰ্পণ বিহাৰৰ প্ৰাক্তন মন্ত্ৰী মঞ্জু বাৰ্মাৰ

আদালতত আত্মসমৰ্পণ বিহাৰৰ প্ৰাক্তন মন্ত্ৰী মঞ্জু বাৰ্মাৰ

অৱশেষত বিহাৰৰ সমাজ কল্যাণ বিভাগৰ প্ৰাক্তন মন্ত্ৰী মঞ্জু বাৰ্মাই বেওচৰাই আদালতত আত্মসমৰ্পণ কৰে ৷

উল্লেখ্য যে অস্ত্ৰ আইনৰ অধীনত ৰুজু কৰা এটা গোচৰত চলিত মাহৰ মাজভাগত প্ৰাক্তন মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আদালতে জামিনবিহীন গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰিছিল ৷

মুজাফৰপুৰ আশ্ৰয় গৃহত সংঘটিত ৪০গৰাকী কিশোৰীক ধাৰাবাহিক যৌন নিৰ্যাতনৰ এক গোচৰত তালাচী চলোৱাৰ সময়তে চি বি আয়ে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ বাসগৃহৰ পৰা ৫০ জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰিছিল ৷

তাৰ পিছৰে পৰা প্ৰাক্তন মন্ত্ৰীগৰাকী পলাতক অৱস্থাত আছিল ৷

অৱশেষত প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে বুধবাৰে নিজে আদালতত হাজিৰ হোৱাৰ পিছতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷
 

Your Comments