অসমৃতসৰৰ গ্ৰেণেড বিস্ফোৰণ : আততায়ীৰ সন্ধান দিওঁতালৈ ৫০ লাখৰ পুৰস্কাৰ ঘোষণা মুখ্য মন্ত্ৰীৰ

অসমৃতসৰৰ গ্ৰেণেড বিস্ফোৰণ : আততায়ীৰ সন্ধান দিব পৰাজনলৈ ৫০ লাখৰ পুৰস্কাৰ ঘোষণা মুখ্য মন্ত্ৰীৰ

পঞ্জাবৰ পৱিত্ৰ চহৰ অমৃতসৰৰ নিকটৱৰ্তী ৰাজাছানছিৰ এক ধৰ্মীয় সমাবেশত দেওবাৰে সংঘটিত হৈছিল এক গ্ৰেণেড বিস্ফোৰণৰ ঘটনা ৷ অচিনাক্ত আততায়ীয়ে এইচ ই-৩৬ ছিৰিজৰ এটা হেণ্ড গ্ৰেণেড দলিওৱাৰ ফলত প্ৰচণ্ড শব্দেৰে বিস্ফাৰণ ঘটাত ভক্তপ্ৰাণ ৰাইজৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হয় ৷

অসমৃতসৰৰ গ্ৰেণেড বিস্ফোৰণ : আততায়ীৰ সন্ধান দিব পৰাজনলৈ ৫০ লাখৰ পুৰস্কাৰ ঘোষণা মুখ্য মন্ত্ৰীৰ

বিস্ফাৰণৰ ফলত তিনিজন লোকৰ থিতাতে মৃত্যু ঘটাৰ লগতে আন ২০জন লোক আহত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ ঘটনাৰ পিছত চিচি টিভি ফুটেজৰ ভিত্তিত এখন মটৰচাইকেলত অহা দুই সন্ত্ৰাসবাদীয়ে এই বিস্ফাৰণ সংঘটিত কৰা ধৰা পৰে ৷

ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (নিয়া)ৰ এটা প্ৰতিনিধি দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আগবঢ়ায় ৷ তদন্ত প্ৰক্ৰিয়াত এই ঘটনা পাক সন্ত্ৰাসবাদীৰ দ্বাৰা সংঘটিত কৰাৰ বহুতো গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিছে নিয়াই ৷

অসমৃতসৰৰ গ্ৰেণেড বিস্ফোৰণ : আততায়ীৰ সন্ধান দিব পৰাজনলৈ ৫০ লাখৰ পুৰস্কাৰ ঘোষণা মুখ্য মন্ত্ৰীৰ

ইপিনে আক্ৰমণকাৰীয়ে ব্যৱহাৰ কৰা পালছাৰ বাইকখনৰ সন্ধান পাইছে পঞ্জাব আৰক্ষীয়ে ৷ উল্লেখ্য যে ৰাজ্যখনৰ মুখ্য মন্ত্ৰীয়ে এই সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰিবলৈ ৰাজ্যৰ আৰক্ষী সঞ্চালকক নিৰ্দেশ দিছে ৷

অসমৃতসৰৰ গ্ৰেণেড বিস্ফোৰণ : আততায়ীৰ সন্ধান দিব পৰাজনলৈ ৫০ লাখৰ পুৰস্কাৰ ঘোষণা মুখ্য মন্ত্ৰীৰ

উল্লেখ্য যে বিস্ফাৰণত নিহত তিনিজন ব্যক্তিৰ পৰিয়াললৈ পঞ্জাবৰ মুখ্য মন্ত্ৰীয়ে ৫ লাখ টকাৰ সাহায্য ঘোষণা কৰাৰ লগতে এই বিস্ফোৰণৰ লগত জড়িত ব্যক্তিৰ তথ্য কিম্বা সন্ধান দিব পৰা ব্যক্তিলৈ ৫০ লা খটকাৰ পুৰস্কাৰ ঘোষণা কৰিছে মুখ্য মন্ত্ৰী কেপ্টেইন অমৰেন্দ্ৰ সিঙে ৷

Your Comments