এন আৰ চিক লৈ আৰম্ভ হৈছে এক অনলাইন যুদ্ধ। আমেৰিকাৰ নিউয়ৰ্ক চহৰত মুখ্য কাৰ্যালয় থকা আৱাজ নামৰ সংস্থা এটাই ৱেবছাইটযোগে অসমৰ বিৰুদ্ধে সমগ্ৰ বিশ্বজুৰি এক বিৰূপ পৰিৱেশ সৃষ্টি কৰিবলৈ লৈছে। অসমত প্ৰস্তুত হৈ থকা এন আৰ চিৰ দ্বাৰা মুছলমান লোকসকলক অঘৰী কৰাৰ ষড়যন্ত্ৰ চলিছে বুলি অভিযোগ কৰিছে আৱাজে। ‘ইণ্ডিয়াঃ ষ্টপ ডিলিটিং মুছলিম’ শীৰ্ষক মতামত সংগ্ৰহৰ অভিযান চলাই আৱাজে বিশ্বৰ বিভিন্ন প্ৰান্তত অসম সম্পৰ্কে বিৰূপ মন্তব্য প্ৰকাশ কৰিছে। নিউয়ৰ্কত বহি অসমৰ প্ৰসংগত আৱাজে চলোৱা অপপ্ৰচাৰৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই যদিও কোনো বৃহৎ শক্তিয়ে অসমত ধৰ্মীয় সংঘাতৰ বীজ ৰোপণ কৰিবলৈ চেষ্টা কৰাটো স্পষ্ট হৈ পৰিছে। অসমত হিন্দু-মুছলমান নাগৰিকে শান্তিৰে সহযোগিতামূলকভাৱে বসবাস কৰি থকাৰ সময়ত এনেধৰণৰ আন্তৰ্জাতিক ষড়যন্ত্ৰ অতি চিন্তনীয় বিষয়। এন আৰ চি সম্পূৰ্ণ শুদ্ধভাৱে প্ৰকাশ পালে অসমত ১৯৭১ চনৰ ২৫ মাৰ্চলৈকে থকা প্ৰতিজন মুছলমান নাগৰিকৰ সুৰক্ষা নিশ্চিত হৈ পৰিব।
অন্যহাতে, এন আৰ চি প্ৰস্তুত হ’লে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অসমত থকা ভাৰতীয় মুছলিম নাগৰিক সন্মানসহকাৰে বসবাস কৰি থাকিব পাৰিব। অসমত অসম চুক্তিৰ আধাৰত এন আৰ চি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ৰাজ্যখনত থকা প্ৰতিটো ধৰ্মীয় সংখ্যালঘু সংগঠনে পূৰ্ণ সমৰ্থন আগবঢ়াই অহাৰ সময়ত আৱাজে অসমৰ মুছলিম নাগৰিকৰ প্ৰতি এনে মন্তব্য প্ৰকাশ কৰাটো ৰহস্যজনক। এনে অনুষ্ঠানসমূহৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা প্ৰয়োজন আৰু ৰাষ্ট্ৰসংঘই হস্তক্ষেপ কৰা উচিত। আৱাজে সমগ্ৰ বিশ্বত অসম সম্পৰ্কত এনে প্ৰৰোচনামূলক বক্তব্য প্ৰকাশ কাৰ স্বাৰ্থত কৰিছে সেইটো অনুসন্ধান কৰা প্ৰয়োজন। এন আৰ চি উন্নীতকৰণৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই আৱাজৰ বক্তব্যক প্ৰত্যাহ্বান জনাইছে যদিও আৱাজে অনলাইনত তেওঁলোকৰ পক্ষত সমৰ্থন সংগ্ৰহ কৰাত ব্যস্ত হৈ পৰিছে। বিষয়টো অসমৰ লগতে দেশৰ বাবেই অতি গুৰুত্বপূৰ্ণ। এনে অপপ্ৰচাৰ বন্ধ কৰাটো কেন্দ্ৰীয় চৰকাৰৰ প্ৰাথমিক দায়িত্ব হোৱা উচিত বুলি সচেতন মহলে ক’ব বিচাৰে।
- Log in to post comments
- 45 views
