সমগ্ৰ বিশ্বৰ সৰ্বাধিক উপাৰ্জনকাৰী ১০০ চেলিব্ৰটীৰ তালিকাত স্থান পাইছে বলীউডৰ দুই তাৰকা আক্ষয় কুমাৰ আৰু ছলমান খানে। আমেৰিকাৰ আলোচনী ‘ফ’ৰ্বছ’ৰ শেহতীয়া সমীক্ষাই চৰ্চিত কৰি তুলিছে বলীউডৰ দুই তাৰকাক। উল্লেখ্য যে বিশ্বৰ চেলিব্ৰিটীসকলৰ উপাৰ্জনৰ ওপৰত ‘ফ’ৰ্বছ’ৰ দ্বাৰা এক সমীক্ষা চলোৱা হৈছিল। এই সমীক্ষাত সৰ্বাধিক উপাৰ্জনেৰে শীৰ্ষস্থান দখল কৰে আমেৰিকাৰ বক্সাৰ ফ্লয়ড মে’ৱেডাৰে। মাৰ্কিন বক্সাৰজনৰ উপাৰ্জনৰ পৰিমাণ ২৮৫ মিলিয়ন মাৰ্কিন ডলাৰ। লক্ষণীয়ভাৱে তালিকাখনত ৭৬সংখ্যক স্থানত আছে অক্ষয় কুমাৰ। বলীউড তাৰকাগৰাকীৰ উপাৰ্জন ৪০.৫ মিলিয়ন মাৰ্কিন ডলাৰ। আনহাতে, ৩৭.৭ মিলিয়ন মাৰ্কিন ডলাৰেৰে তালিকাৰ ৮২নং স্থানত নাম জিলিকিছে ছলমান খানৰ। তালিকাখনত বিভিন্ন স্থান দখল কৰা আনকেইজনমান চেলিব্ৰিটী হ’ল ক্ৰমে অভিনেতা জৰ্জ ক্লোনী (দ্বিতীয় স্থান), ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডো (দশম), পপ ষ্টাৰ কেটী পেৰী (১৯নং), টেনিছ তাৰকা ৰ’জাৰ ফেডাৰাৰ (২৩নং), গ’লফ খেলুৱৈ টাইগাৰ উডছ (৬৬নং) আদি।
- Log in to post comments
- 14 views
