থাইলেণ্ডৰ জলমগ্ন অতি দুৰ্গম গুহাৰ পৰা চেমনীয়া ফুটবলাৰসকলক উদ্ধাৰত ব্যৱহাৰ হয় ভাৰতীয় প্ৰযুক্তি। এই দুৰ্গম গুহাটোৰ পৰা ফুটবল দলটিক উদ্ধাৰ কৰাটো এক কঠিন কাম আছিল। এই অসাধ্য কাম অতি সহজ কৰে ভাৰতৰ নৌ-শ্বিল বাহিনীয়ে। ভাৰতৰ বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত এটি দলে ‘ফ্লাডপাম্প’ লগত লৈ এই উদ্ধাৰ অভিযানত জড়িত হৈ পৰে। ভাৰতৰ কিৰ্লোস্কাৰ গ্ৰুপে প্ৰস্তুত কৰা ফ্লাডপাম্পৰ দ্বাৰা গুহাৰ ভিতৰৰ পৰা পানী বাহিৰলৈ উলিয়াই আনিবলৈ সক্ষম হয়। ফুটবল দলটিক উদ্ধাৰত ভাৰতৰ সহযোগত থাইলেণ্ড চৰকাৰে কৃতঞ্জতা প্ৰকাশ কৰে। থাইলেণ্ডৰ প্ৰধান মন্ত্ৰীয়ে ভাৰতবাসীক ধন্যবাদ জনায়। থাম লুয়াং গুহাৰ পৰা ফুটবল দলটিক উদ্ধাৰৰ বাবে থাইলেণ্ড চৰকাৰে ভাৰতৰ সহায় বিচাৰিছিল। কিৰ্লোস্কাৰ কোম্পানীৰ প্ৰসাদ কুলকাৰ্নী আৰু ভাৰতীয় বিশেষঞ্জসকলে অতি উচ্চ প্ৰযুক্তিসম্পন্ন ব্যৱস্থাৰে প্ৰথমে ৪জনক গুহাৰ বাহিৰলৈ আনিবলৈ সক্ষম হয়। ১১ জুলাইত উদ্ধাৰ কাৰ্য সম্পূৰ্ণ কৰে ।

- Log in to post comments
- 8 views
