শেহতীয়াভাৱে ভাৰতৰ ঔষধ প্ৰস্তুতকাৰীসকলে চীনৰ বজাৰ দখল কৰিব লৈছে। ভাৰতত প্ৰস্তুত কৰা ঔষধৰ ক্ষেত্ৰত চীনে আমদানি শুল্ক হ্ৰাস কৰাত চীনৰ গ্ৰাহকে ভাৰতত প্ৰস্তুত কৰা ঔষধত গুৰুত্ব দিব লৈছে। বিশেষঞ্জসকলৰ মতে চীনত প্ৰতিবছৰে ৪৩ লাখ মানুহ কেন্সাৰ ৰোগত

আক্ৰান্ত হয়। কেন্সাৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় ঔষধৰ মূল্য অন্য দেশতকৈ ভাৰতৰ কম। চীনৰ বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰ হুৱা চুনিঙে প্ৰকাশ কৰা মতে, ভাৰত-চীনৰ মাজত এই প্ৰসংগত ইতিমধ্যেই দ্বিপাক্ষিক চুক্তি সম্পাদিত হৈছে। যোৱা মে’ মাহত কেন্সাৰৰ বাবে প্ৰয়োজনীয় ঔষধৰ ক্ষেত্ৰত আমদানি শুল্ক সম্পূৰ্ণ উঠাই লোৱা হৈছে। দুৰাৰোগ্য চিকিৎসা চীনত অতি ব্যয়বহুল। উল্লেখ্য যে ‘ডায়িং টু ছাৰ্ভাইভ’ নামৰ এখন চিনেমাৰ কাহিনীয়ে বেইজিঙক দেশৰ কেন্সাৰ ৰোগীৰ স্বাৰ্থত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰে।
- Log in to post comments
- 11 views
