শৰতে আনে মাজুলীবাসীৰ মাজলৈ সৰল জীৱন গাঁথা 

শৰতে আনে মাজুলীবাসীৰ মাজলৈ সৰল জীৱন গাঁথা 

মাজুলীৰ পৰা ৰাজীৱ পাতিৰ

নিয়ৰসনা দূৱৰিত তলসৰা শেৱালিয়ে দলিচা পাৰি লুইতৰ পাৰৰ চৰ-চাপৰিত শুকুলা কঁহুৱাত সন্ধিয়া সূৰুযৰ হেঙুলি ৰহণ হানি শৰতে আমাৰ অনুভৱে অনুভৱে স্নিগ্ধ শীতল শিহৰণ আনে । ঘৰ্মাক্ত ক্লান্তিৰ বৰ্ষাসিক্ত ক্লেদ আঁতৰাই আকাশৰ নীলা ডাৱৰবোৰে লুকাভাকু খেলে শুকুলা ডাৱৰৰ মাজে মাজে ।

অন্তঃসত্বা পথাৰখনে ৰিবৰিব মৃদু মলয়াত সজাল ওৰণি টানি নাচে মাদলৰ ছেৱে ছেৱে । শৰৎ এক মিঠা অনুৰণন, শৰৎ এটি প্ৰিয় গীতৰ অন্তৰা, এবুকু কবিতাৰ উখল-মাখল । কুঁৱলীৰ এক মিঠা আচ্ছাদনত মাজুলীলৈ আহিছে অতি সংগোপনে প্ৰিয় ঋতু শৰৎ ।

শৰতে আনে মাজুলীবাসীৰ মাজলৈ সৰল জীৱন গাঁথা 

দুৰ্গাপূজাৰ প্ৰাক্‌ক্ষণত মাজুলীত এতিয়া শাৰদীয় বতৰৰ বা । শৰৎ মানেই স্নিগ্ধ জোনাক নিশা । পদূলিয়ে পদূলিয়ে আমোলমোল তলসৰা দূৱৰিত শেৱালিৰ গোন্ধ । শৰত মানেই শইচ সম্ভৱা সেউজীয়া পথাৰ, শুভ্ৰ কঁহুৱাৰ মিচিকিয়া হাঁহিৰ আহ্বান, নীলা আকাশত শুকুলা মেঘৰ লুকাভাকু । এই শৰতৰ চকুত চকু থৈ প্ৰেম আৰু বিশ্বাসত মজবুত কৰো আমাৰ সোণালী ভবিষ্যৎ ।

শৰৎ যেন প্ৰেমৰ ঋতু, সম্ভাৱনাৰ ভৰুণ সময় । কালিদাসৰ মেঘমল্লাই উচুপি উচুপি ভাগৰি পৰে, জীৱনৰ বান বাৰিষাৰ নৈপৰীয়াৰ দুখ-দুৰ্ভাবনাবোৰ মেঘৰ বোকোচাত পৰ্বতৰ সিপাৰলৈ নিৰ্বাসন দিয়ে । মাজুলীৰ পদূলিত এতিয়া শাৰদী ৰাণীৰ উদুলি-মুদুলি । বান-বাৰিষাৰ দুৰ্যোগ-দুৰ্ভাৱনা পাহৰি পেলাইছে মাজুলীবাসীয়ে । বালিমাহী চৰাইজনীয়েও চোতালত দেও দি দি নাচি শৰতৰ বাতৰি দিছেহি ।

মাজুলীৰ অন্তৰ্ভাগত লহপহীয়া হোৱা সেউজীয়া গৰ্ভাৱতী পথাৰে সজাল কুৱলীৰ ওৰণি টানি সেউজীয়াৰ মেলিছে পোহাৰ । শুভ্ৰ কঁহুৱাৰ ফুলৰ নাচোনত বাগ্ময় হৈছে মাজুলীৰ সৌন্দৰ্য । শুশোভিত মায়াময় পৰিবেশ । সুষমা ৰূপে, অনুপমা মাজুলীৰ প্ৰকৃতিয়ে হাত বাউলি দেশী-বিদেশী পৰ্যটকক । ভৰযৌৱনা মাজুলীৰ গাভৰুজনীয়েও আপোন পাহৰা হয় । গভীৰ প্ৰত্যয়েৰে আপোনজনৰ ওচৰত বিশ্বাস স্থাপন কৰে ।

দুৰ্গোৎসৱবিহীন বৈষ্ণৱ সংস্কৃতিৰ পীঠস্থান মাজুলীত যদিও নাই পূজাৰ আনন্দ, তথাপিও শৰতৰ প্ৰতিটো ৰাতিয়েই বিতোপন হয় । কাৰণ শৰৎ আহিলেই মাজুলীবাসী সাজু হয় ৰাসোৎসৱৰ বাবে । লুইতৰ পাৰৰ বৃন্দাবনত বাজি উঠে খোল-তাল-বাঁহী । ৰঙিলী, পমিলি,  মালিনীহতঁৰ মনবোৰ উঠে নাচি ।

ভূপেনদাৰ গীতৰ দৰে কঁহুৱা বন, যতীন, ৰাজীৱ জয়ন্ত, জ্যোতিষ, ৰমেন দাদাহতঁৰ অশান্ত মন, কবিতাৰ স্তৱক লিখাতো দুৰন্ত, কবি মনে নিদিয়ে বাধা ।

আউনীআটী সত্ৰৰ পালনাম, কাতি বিহুৰ আকাশবান্তি জ্বলায় শাৰী শাৰী, ভকতিৰ মুকুতিৰ সন্ধান দিয়ে প্ৰচাৰ কৰে শংকৰদেৱৰ বাণী । শৰতে আনে মাজুলীবাসীৰ মাজলৈ সৰল জীৱন গাঁথা ।

Your Comments

Related Articles