ডবকাত বেংক কৰ্মীৰ বিশেষ ঋণ পৰিশোধ শিবিৰ

ডবকাত বেংক কৰ্মীৰ বিশেষ ঋণ পৰিশোধ শিবিৰ

ডবকাৰ পৰা জমিৰউদ্দিন তালুকদাৰ

ডবকাস্থিত ইউনাইটেড বেংকৰ পৰা ঋণ লোৱা গ্ৰাহকসকলৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে আৰু ৰাইজক ঋণ পৰিশোধৰ প্ৰতি সজাগতা সৃষ্টিৰ মহৎ উদ্দেশ্য আগত ৰাখি আজি বেংক কৰ্মীসকলে ডবকাত এক সমদল কাৰ্যসূচী ৰূপায়ণ কৰে ৷

ডবকাত বেংক কৰ্মীৰ বিশেষ ঋণ পৰিশোধ শিবিৰ

ডবকা ইউ বি আই বেংকৰ মাণ্ডলিক প্ৰবন্ধক, স্থানীয় প্ৰবন্ধকৰ নেতৃত্বত কে'বাশতাধিক বেংক কৰ্মীয়ে হাতে হাতে বেনাৰ, পোষ্টাৰ লৈ ডবকাৰ ৰাজপথত এই সমদল কাৰ্যসূচী গ্ৰহণ কৰে ৷

সমদলত ডবকা অঞ্চলৰ বিশিষ্ট নাগৰিক, গ্ৰাহক সেৱা কেন্দ্ৰৰ কৰ্মীসকলে অংশ লয় ৷ এই সজাগতা সভাত বেংকৰ  নগাঁওস্থিত মাণ্ডলিক কাৰ্যালয়ৰ মুখ্য প্ৰবন্ধক মণি কুমাৰ ঝা, ডবকা ইউ বি আই বেংকৰ প্ৰবন্ধক জলিল দেৱান, বিভিন্ন আত্মসহায়ক গোটৰ সদস্যসকল, বিন্নাকান্দি ব্লকৰ ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা মিছনৰ বিষয়ববীয়াই অংশ লয় ৷

ডবকাত বেংক কৰ্মীৰ বিশেষ ঋণ পৰিশোধ শিবিৰ

এই সজাগতা সভাৰ জৰিয়তে ৰাইজক বেংকৰ ঋণ পৰিশোধৰ প্ৰতি সজাগ কৰা, মৃত ঋণ পৰিশোধৰ প্ৰতি ৰাইজক জাগ্ৰত কৰাই মূল উদ্দেশ্য বুলি ডবকা ইউনাইটেড বেংকৰ প্ৰবন্ধক জলিল দেৱানে সদৰী কৰে ৷

Your Comments