বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত উত্তৰ মাজগাৱত যুৱক এজনে নিজৰ বিকৃত মানসিকতাৰ পৰিচয় দি এজনী চাৰি বছৰীয়া শিশুক যৌন নিৰ্যাতন চলোৱা ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে এই জঘন্য ঘটনা সংঘটিত কৰা মাণিক মণ্ডল (২৮) নামৰ পাষণ্ড যুৱকজন পলায়ণ কৰিছে ৷ উল্লেখ্য যে এখন গেলামাল দোকানৰ গৰাকী মাণিক মণ্ডলে বৃহস্পতিবাৰে সন্ধিয়া ওচৰতে থকা আন এখন দোকানৰ গৰাকীৰ নাতিনী তথা চাৰি বছৰীয়া শিশুটিক ফুচুলাই নিজৰ দোকানলৈ মাতি নি যৌন নিৰ্যাতন চলায় ৷
পিছত শিশুটিৰ মাকে এই বিষয়ে জানিব পৰাত সমগ্ৰ ঘটনাটো পোহৰলৈ আহে ৷ ঘটনা সন্দৰ্ভত শিশুটিৰ পৰিয়ালে আজি যুৱকজনৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰে ৷ ইপিনে ঘটনাটো পোহৰলৈ অহাৰ পিছতে পলায়ণ কৰিছে পাষণ্ড মাণিক মণ্ডলে ৷ মাণিক মণ্ডলৰ প্ৰকৃত ঘৰ বঙাইগাঁও জিলাৰ কীৰ্তনপাৰাত ৷ আৰক্ষীয়ে ইতিমধ্যে শিশুটিৰ স্বাস্থ্য পৰীক্ষা কৰিছে ৷ স্থানীয় ৰাইজে যুৱকজনক কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে ৷ উল্লেখ্য যে শিশুটিয়ে মাকৰ লগত ককাকৰ ঘৰলৈ ফুৰিবলৈ আহিছিল ৷
- Log in to post comments
- 11 views