গোলাঘাট জিলা কাৰাগাৰৰ পৰা ৫ কয়দীক মুক্তি

েে

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন 
মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ কৰি আঠু লৈ হিংসা পৰিহাৰ কৰি অহিংসা পথত চলাৰ শপত ললে গোলাঘাট জিলা কাৰাগাৰৰ পাঁচজন কাৰাবন্দীয়ে । কাৰণ মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্ম জয়ন্তীৰ উপলক্ষে ভাৰত চৰকাৰে লোৱা এক আচঁনিৰ জৰিয়তে অসম চৰকাৰৰ নীতি-নিয়ম অনুসৰি কাৰাগাৰী জীৱন ৰেহাই দিলে ক্ৰমে- বিকাশ শৰ্মা, হৰেস্বৰ গগৈ, ৰাধে ওৰাং, ইন্দ্ৰজীৎ ৰাজখোৱা, অমৰ কুমাৰ হাজৰিকা নামৰ এই ৫ জনক । যাৰ বাবে কাৰাগাৰৰ পৰা ওলাই আহি এইদৰে গোলাঘাটৰ বেজবৰুৱা চাৰিআলিত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ কৰি নতুন জীবন ভালদৰে পাৰ কৰাৰ পন ল'লে ।

Your Comments