ডবকাৰ পৰা জমিৰউদ্দিন তালুকদাৰ
এক হত্যাকাণ্ডই জোকাৰিছে সমগ্ৰ হোজাই জিলা ৷ হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত আমবাৰী বজাৰৰ পৰা যোৱা মঙ্গলবাৰে অৰ্থাৎ ২ অক্টোবৰৰ নিশা আজিৰ উদ্দিন নামৰ এগৰাকী ব্যৱসায়ীয়ে নিজৰ ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ কৰি ঘৰলৈ যোৱাৰ সময়ত এদল দুৰ্বৃত্তই অপহৰণ কৰি লৈ গৈছিল ৷ যোৱা ৪ অক্টোবৰৰ পুৱতি নিশা ব্যৱসায়ী গৰাকীৰ ক্ষত-বিক্ষত মৃতদেহ হোজাই জিলাৰ কাকী আৰক্ষী চকীৰ অন্তৰ্গত মধুপুৰ গাঁৱৰ পথাৰত উদ্ধাৰ হয় ৷
ব্যৱসায়ী গৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে সমগ্ৰ অঞ্চলটোত এক উত্তেজনাময় পৰিৱেশ বিৰাজ কৰে ৷ অপৰাধীৰ ৰম্যভূমিত পৰিণত হোৱা হোজাই জিলাত এতিয়া সাধাৰণ লোকৰ জীৱন নিৰাপত্তা নাইকীয়া হৈ পৰিছে ৷ ব্যৱসায়ী গৰাকীৰ হত্যাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাইজ ৷ আজি আমবাৰীত সহস্ৰাধিক ৰাইজে এক প্ৰতিবাদ সাব্যস্ত কৰি আৰক্ষী-প্ৰশাসনক ধিক্কাৰ দিয়ে ৷
জিলাখনত এটাৰ পিছত আন এটা অপৰাধজনিত ঘটনা সংঘটিত হৈছে যদিও এই ঘটনা নিৰ্মুলৰ ক্ষেত্ৰত আৰক্ষীৰ ভূমিকা ৰহস্যজনক হোৱাত ক্ষোভিত হৈ পৰে দল-সংগঠন তথা ৰাইজ ৷ অপৰাধীক ২৪ ঘন্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিয়ে আমছু, কৃষক মুক্তি সহ কেবাটাও দল-সংগঠনে ৷
ইয়াতে উল্লেখ কৰা প্ৰয়োজন যে ব্যৱসায়ীগৰাকীক অপহৰণৰ পিচতে অপহৰণকাৰীয়ে পৰিয়ালক ফোন কৰি ব্যৱসায়ী গৰাকীক হত্যা কৰিব বুলি ভাবুকি দিছিল ৷ তাৰ পিছতো আৰক্ষী-প্ৰশাসনে মোবাইল নম্বৰৰ আঁত ধৰি লোকজনক জীৱন্তে উদ্ধাৰ কৰিব নোৱাৰাটো চৰম ব্যৰ্থতা বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰে ৷
- Log in to post comments
- 8 views