বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত জুৰীয়াৰ কলনিজলাহবাসী ৰাইজ

নগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অৱহেলা : বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত জুৰীয়াৰ কলনিজলাহবাসী ৰাইজ

জুৰীয়াৰ পৰা উত্তম কুমাৰ বৰা 

জনস্বাস্থ্য কাৰিকৰী বিভাগে বিশুদ্ধ খোৱাপানী যোগানৰ নামত লাখ লাখ টকা ব্যয় কৰি বিভিন্ন ঠাইত পানী যোগান আঁচনি স্হাপন কৰিছে যদিও বিভাগটোৰ একাংশ অকৰ্মণ্য বিষয়া-কৰ্মচাৰীৰ চূড়ান্ত অৱহেলাৰ বাবেই সম্প্ৰতি জুৰীয়াৰ সৰহসংখ্যক পানীযোগান আঁচনিয়েই পৰিত্যক্ত অৱস্হাত আছে ৷

নগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অৱহেলা : বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত জুৰীয়াৰ কলনিজলাহবাসী ৰাইজ

নগাঁও জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তেনে এক পৰিত্যক্ত বিশুদ্ধ খোৱাপানী যোগান আঁচনি হ'ল জুৰীয়াৰ কলনিজলাহ গাঁৱৰ বিশুদ্ধ খোৱাপানী যোগান আঁচনি ৷ মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ পাৰ্শ্বৱৰ্তী ডায়েৰিয়া আৰু মেলেৰীয়া অধ্যুষিত অঞ্চল হিচাপে পৰিচিত কলনিজলাহ গাঁৱৰ ৰাইজক বিশুদ্ধ খোৱাপানী যোগানৰ নিমিত্তে নগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগে এই পানীযোগান আঁচনিখন স্হাপন কৰিছিল যদিও নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ পিছত কেইটামান মাহৰ পিছৰ পৰাই বন্ধ হৈ পৰে কেইবা লাখ টকা খৰচ কৰি নিৰ্মাণ কৰা আঁচনিখন ৷

নগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অৱহেলা : বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত জুৰীয়াৰ কলনিজলাহবাসী ৰাইজ

বিভাগীয় কৰ্তৃপক্ষৰ চূড়ান্ত অৱহেলা আৰু অমনোযোগিতাৰ বাবেই বিগত প্ৰায় ১০ বছৰ ধৰি পৰিত্যক্ত অৱস্থাত থকা বিশুদ্ধ খোৱাপানী যোগান আঁচনিখনৰ অতি প্ৰযোজনীয় ৱাটাৰ ফিল্টাৰ, ৱাটাৰ টেংক আদিত হাবি-জংঘলেৰে ভৰি পৰাৰ লগতে ভাঙি-ছিগি গৈছে ৷

নগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অৱহেলা : বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত জুৰীয়াৰ কলনিজলাহবাসী ৰাইজ

আনকি দীৰ্ঘ দিনধৰি পৰিত্যক্ত অৱস্থাত থকাৰ বাবেই আঁচনিখনৰ পৰা পানী যোগান ধৰা পানী পৰিবাহী পাইপবোৰো ফাটি গৈছে ৷ বিশুদ্ধ খোৱাপানী যোগানৰ নামত জনস্বাস্থ্য কাৰিকৰী বিভাগে চৰম প্ৰতাৰণা কৰা গাঁওখনৰ ৰাইজে আইৰণযুক্ত পানী সেৱন কৰি ইতিমধ্যে বিভিন্ন বেমাৰত ভুগিবলগা হৈছে ৷

নগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অৱহেলা : বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত জুৰীয়াৰ কলনিজলাহবাসী ৰাইজ

কেবল এই পানীযোগান আঁচনিয়েই নহয়, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অকৰ্মণ্যতাৰ বাবেই বৃহত্তৰ জুৰীয়া অঞ্চলৰ প্ৰায় কুৰিখনতকৈ অধিক আঁচনি বন্ধ হৈ থকাত বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ ৷

নগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অৱহেলা : বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত জুৰীয়াৰ কলনিজলাহবাসী ৰাইজ

ৰাইজে অতি সোনকালেই এনে পৰিত্যক্ত বিশুদ্ধ খোৱাপানী যোগান আঁচনিবোৰ কাৰ্যক্ষম কৰিবলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লগতে চৰকাৰক অনুৰোধ জনাইছে ৷ 

Your Comments