লাহৰীঘাটত মহিলা আত্মসহায়ক গোটে স্থাপন কৰিলে চাবোন ফেক্টৰী

লাহৰীঘাটত মহিলা আত্মসহায়ক গোটে স্থাপন কৰিলে চাবোন ফেক্টৰী

লাহৰীঘাটৰ পৰা শ্বামিমুল ইছলাম

লাহৰীঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত আত্মসহায়ক গোটৰ মহিলাসকলৰ প্ৰসংশনীয় পদক্ষেপ । নিজে আত্মনিৰ্ভৰশীল হোৱাৰ লগতে আন আন মহিলা সদস্যসকলেও যাতে অৰ্থনৈতিক দিশত আগবাঢ়ি যাব পাৰে তাৰে লক্ষ্য লৈ ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি অঞ্চলটোত এক উৎকৃষ্ট নিৰ্দশন দাঙি ধৰিছে ।

উন্নয়ন খণ্ডটোৰ আৰ্টিকা মহিলা আত্মসহায়ক গোটৰ সদস্যসকলে একত্ৰিত হৈ চাবোন ফেক্টৰীৰ জৰিয়তে গাঁৱৰ দুখীয়া মহিলাসকলৰ আৰ্থ-সামাজিক অৱস্থাৰ উন্নয়নৰ সপোন ৰচিছে । নাগাবন্ধা গাঁও পঞ্চায়তৰ এলেকাধীন লাহৰীপাম গাঁৱত আজি এই চাবোনৰ ফেক্টৰী শুভাৰম্ভ কৰা হয় ।

অসম ৰাজ্যিক গ্ৰামীণ জিৱিকা অভিযানৰ দ্বাৰা পৰিচালিত এই মহিলা আত্মসহায়ক গোটৰ সদস্যসকলে উল্লেখ কৰা মতে, তেওঁলোকৰ দ্বাৰা উৎপাদন কৰা এই চাবোনে ৰাজ্যখনৰ বজাৰ দখল কৰিবলৈ সক্ষম হ'ব ।

Your Comments