চামগুৰিৰ হাঁহচৰা বৰালিগাঁৱত বন্যহস্তীৰ উপদ্ৰৱ

চামগুৰিৰ হাঁহচৰা বৰালিগাঁৱত বন্যহস্তীৰ উপদ্ৰৱ

জুৰীয়াৰ পৰা উত্তম কুমাৰ বৰা

চামগুৰিৰ হাঁহচৰা বৰালিগাঁৱত নিশা বন্যহস্তীৰ চূড়ান্ত উপদ্ৰৱ । ১০-১২টাৰ এটি বন্যহস্তীৰ জাকে প্ৰতি নিশাই এফালৰ পৰা তহিলং কৰি আহিছে হাঁহচৰা-বৰালি পথাৰৰ ধানখেতি ।

চাপৰমুখ-শিলঘাট ৰে'লপথৰ দাঁতিতে বন্যহস্তীৰ জাকটো বিচৰণ কৰি থকাত অঘটনৰ আশংকা কৰিছে স্থানীয় ৰাইজে ৷ হাতী খেদিবদৈ নিশা বহুবাৰ শূন্যলৈ গুলীচালনা কৰিও ব্যৰ্থ হয় বন বিভাগ ৷

মাত্ৰ কেইজনমান বনকৰ্মীৰ দ্বাৰা নিশা হাতী খেদিবলৈ আহি ব্যৰ্থ হোৱা বন বিভাগৰ বিৰুদ্ধে ক্ষোভিত হৈ উঠে স্থানীয় ৰাইজ ।

Your Comments