নদুৱাত গণপ্ৰহাৰত মৃত্যু হোৱা লোকৰ খান্দি উলিয়ালে মৃতদেহ

ss

জামুগুৰিহাটৰ পৰা প্ৰণৱ জ্যোতি ভট্টাচাৰ্য
 
জামুগুৰি আৰক্ষী থানাৰ অন্তগৰ্ত ৰঙাচুকুৱাৰ খকনৱস্তিত এজন লোকক মৰিয়াই নৃশংসভাৱে হত্যা কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ যোৱা ২৯ ছেপ্টেম্বৰত ১নং বৰদিকৰাই খকনবস্তিত ফ্ৰান্সিচ মালাৰ ৩৮ বয়সীয়া মানুহ এজনক সন্ধিয়া কোনো কথাত গাওঁখনৰ একাংশ ব্যক্তিৰ লগত তৰ্ক-বিতৰ্ক হয় ৷ পাছত গাওঁখনৰ একাংশই বাহৰ লাঠিৰে উপৰ্যুপৰি প্ৰহাৰ কৰাত মালাৰ ঘটনা স্থলীত মৃত্যু হয় ৷ সেই দৃশ্য গাওঁখনৰ আন একাংশ মানুহে প্ৰত্যক্ষ কৰে যদিও ঘটনা সংঘটিত স্থানলৈ আহিবলৈ সাহস নকৰিলে ৷

গাওঁখনৰ ১০ জনৰো অধিক উগ্ৰ মানসিকতাৰ লোকে ফ্ৰান্সিচ মালাক ঘেৰি ধৰি মৰিয়াই মৰিয়াই হত্যা কৰা বুলি একাংশ প্ৰত্যক্ষদৰ্শীয়ে কয় ৷ পাছত ফ্ৰান্সিচকে অভিযুক্তসকলে ঘটনা স্থলীৰ পৰা প্ৰায় দুশ মিটাৰ মান দূৰত্বৰ এজোপা বাহঁগছৰ তলত পুতি থয় ৷ উল্লেখযোগ্য যে ঘটনাৰ দিনা ফ্ৰান্সিচৰ পত্নী শান্তি মালা আৰু তেওঁৰ দুই এমা-ডিমা সন্তানসহ পিতৃৰ ঘৰত আছিল ৷ পৰিয়ালৰ লোকক কোনো কথাত অবগত নকৰাকে ফ্ৰান্সিক গাঁৱত মাটি খান্দি পুতি থোৱাৰ পাছত আজি পুৱা পত্নী শান্তি য়ে জামুগুৰি থানাত এজাহাৰ দাখিল কৰে ৷

তাৰ ভিত্তিত জামুগুৰি  আৰক্ষীয়ে বিয়লি পুতি থোৱা অৱস্থানৰ পৰা ফ্ৰান্সিচ মালা মৃতদেহ উদ্ধাৰ কৰে আৰু লগতে মৰোণোওৰ পৰীক্ষাৰ বাবে পঠায় ৷ এইখিনিতে উল্লেখযোগ্য যে উক্ত ঘটনাৰ সন্দৰ্ভত গাঁওবাসীয়ে সম্পূৰ্ণ মৌনতা অৱলম্বন কৰাত আৰক্ষীৰ তদন্তত ব্যাঘাত জন্মিছে ৷ 

Your Comments