৬ অক্টোবৰৰ পৰা মাজুলীৰ ১৪ কেন্দ্ৰত আৰম্ভ হ'ব আধাৰৰ পঞ্জীয়ন প্ৰক্ৰিয়া

ৌৌ

মাজুলীৰ পৰা ৰাজীৱ পাতিৰ
ৰাজ্যৰ আন জিলাৰ লগতে মাজুলীতো অহা ৬ অক্টোবৰৰ পৰা আধাৰ কাৰ্ড প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব । মাজুলীবাসীৰ বাবে আধাৰ কাৰ্ড আগবঢ়োৱাৰ বাবে জিলা প্ৰশাসনৰ উদ্যোগত মাজুলী জিলাত ১৪টা আধাৰ পঞ্জীয়ন কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে । সেইদিনা পুৱা ৯.৩০ বজাত কমলাবাৰীস্থিত মাজুলীৰ ৰাজহ-চক্ৰ বিষয়াৰ কাৰ্যালয়ত স্থাপন কৰা আধাৰ পঞ্জীয়ন কেন্দ্ৰত মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই আনুষ্ঠানিকভাৱে জিলাখনত আধাৰ পঞ্জীয়ন প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰিব ।

একেদৰে জিলাখনৰ আনকেইটা আধাৰ পঞ্জীয়ন কেন্দ্ৰৰ ভিতৰত ৰতনপুৰ মিৰি গাঁও পঞ্চায়ত কাৰ্যালয়ৰ ৰাজীৱ গান্ধী সেৱা কেন্দ্ৰ আৰূ শ্ৰীলুইত গাঁও পঞ্চায়ত কাৰ্যালয়ৰ ৰাজীৱ গান্ধী সেৱা কেন্দ্ৰত অহা ৮ অক্টোবৰৰ পৰা, গড়মূৰ গাঁও পঞ্চায়ত কাৰ্যালয়ৰ পঞ্জীয়ন কেন্দ্ৰ, দক্ষিণ আঁহতগুৰি গাঁও পঞ্চায়ত কাৰ্যালয়ৰ ৰাজীৱ গান্ধী সেৱা কেন্দ্ৰ আৰু শ্ৰীৰাম গাঁও পঞ্চায়ত কাৰ্যালয়ৰ ৰাজীৱ গান্ধী সেৱা কেন্দ্ৰত অহা ১০ অক্টোবৰৰ পৰা, জেংৰাইমুখ পশু চিকিৎসালয়ৰ কেন্দ্ৰ, চিলাকলা গাঁও পঞ্চায়ত কাৰ্যালয়ৰ ৰাজীৱ গান্ধী সেৱা কেন্দ্ৰ আৰু কৰতিপাৰ স্বাস্থ্য উপ-কেন্দ্ৰত অহা ১১ অক্টোবৰৰ পৰা, বনগাঁও গাঁও পঞ্চায়ত কাৰ্যালয়ৰ ৰাজীৱ গান্ধী সেৱা কেন্দ্ৰ, পকাজৰা গাঁও পঞ্চায়ত কাৰ্যালয়, ৰতনপুৰ গায়ন ৰাজ্যিক পশু চিকিৎসালয়, ফুলনী গাঁও পঞ্চায়ত কাৰ্যালয়ৰ ৰাজীৱ গান্ধী সেৱা কেন্দ্ৰ আৰু ৰাওনাপাৰ ৰেচম কেন্দ্ৰৰ আধাৰ পঞ্জীয়ন কেন্দ্ৰত অহা ১২ অক্টোবৰৰ পৰা মাজুলীবাসী ভাৰতীয় নাগৰিকসলৰ নাম পঞ্জীয়নৰ প্ৰক্ৰিয়া মুকলি কৰা হ'ব ।

উল্লেখ্য যে দেশৰ দুখীয়া জনসাধাৰণক বিভিন্ন চৰকাৰী সেৱা তথা চৰকাৰী আঁচনিৰ সা-সুবিধা আৰু ৰাজসাহাৰ্য প্ৰদানৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় বিশিষ্ট পৰিচয় প্ৰাধিকৰণ (ইউআইডিএআই)ৰ জৰিয়তে প্ৰতিগৰাকী ভাৰতীয় নাগৰিকক ১২টা সংখ্যাৰ এক পৰিচয়জ্ঞাপক আধাৰ কাৰ্ড প্ৰদানৰ ব্যৱস্থা কৰিছে । দেশৰ আৰ্থিকভাৱে স্বচ্চল নাগৰিকসকলৰ বাবে আয়কৰ পৰিশোধৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব লগা এই আধাৰ কাৰ্ডৰ বাবে অসমৰ প্ৰতিখন জিলাতে উপায়ুক্তসকলৰ তত্বাৱধানত আধাৰ পঞ্জীয়নৰ কাম অহা শনিবাৰৰ পৰা আৰম্ভ কৰা হ'ব ।

মাজুলীবাসী ভাৰতীয় নাগৰিকসকলে ইউআইডিএআইৰ দ্বাৰা নিৰ্দিষ্ট কৰা তালিকা অনুসৰি নিজৰ পৰিচয়ৰ প্ৰমাণ-পত্ৰ, পৰিয়ালৰ মূৰব্বীৰ সৈতে সম্বন্ধৰ ক্ষেত্ৰত প্ৰযোজ্য নথি, জন্মৰ প্ৰমাণ-পত্ৰ, ঠিকনাৰ প্ৰমাণ-পত্ৰ আদিৰ মূল প্ৰতিলিপি লগত লৈ নিজ এলেকাৰ আধাৰ পঞ্জীয়ন কেন্দ্ৰত এই আধাৰ কাৰ্ডৰ পঞ্জীয়নৰ বাবে আবেদনৰ প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব । আধাৰ পঞ্জীয়নৰ বাবে আবেদনকাৰীৰ আঙুলিৰ ছাপ, চকুৰ মণিবলয় আৰু মুখমণ্ডলৰ প্ৰতিচ্ছবি গ্ৰহণ কৰা হ'ব । প্ৰতিটো কেন্দ্ৰতে এই আধাৰ পঞ্জীয়ন প্ৰক্ৰিয়া হ'ব সম্পূৰ্ণ বিনামূলীয়া ।

Your Comments