সোণাৰিৰ পৰা ঘন বৰা
চৰাইদেউ জিলাৰ সোণাৰিত প্ৰথমবাৰৰ বাবে শ্যামলী চৰাইদেউ মহিলা সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত সদৌ অসম ভিত্তিত দুদিনীয়া কাৰ্যসূচীৰে দিহানাম আৰু বিয়ানাম প্ৰতিযোগিতাৰ সামৰণি পৰে । সোণাৰিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এই দুদিনীয়া প্ৰতিযোগিতাত অসমৰ বিভিন্ন ঠাইৰ পৰা আহি আইতীসকলে অংশগ্ৰহণ কৰে ৷
সোণাৰিৰ আছু, আটাচু, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মুৰব্বী তথা সদস্যসকলে এই প্ৰতিযোগিতাখনিত প্ৰতিটো পদক্ষেপতে সহায় কৰি সুচাৰুৰূপে পৰিচালনাত সহায় কৰে । চৰাইদেউ জিলাৰ উপায়ুক্ত বিবেকানন্দ ফুকনৰ পত্নী নিৰ্মালী ফুকনৰ নেতৃত্বত গঠিত শ্যামলী চৰাইদেউ মহিলা সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত দিহানামৰ প্ৰতিযোগিতাত প্ৰথম জ্যোতিৰ্ময় সাংস্কৃতিক দল, শিৱসাগৰ, দ্বিতীয় যদুমণি দিহানাম, নামতি আৰু তৃতীয় স্থান লাভ কৰে ৰংপুৰ দিহানাম, শিৱসাগৰে ৷
বিচাৰকৰ বিশেষ বঁটা লাভ কৰে ধনেখোৱা অংকুৰ দিহানামৰ দলে । দিহানাম প্ৰতিযোগিতাৰ বাদ্যযন্ত্ৰত নেগেৰাত টিপলিং নামঘৰ দিহানাম দল, খোলবাদ্যত লাকুৱা ৰজাচুক মণিকাঞ্চন দিহানাম দল আৰু বাঁহীত গৌৰীবল্লভ দিহানামৰ দল পুৰস্কৃত হয় ।
অনুৰূপ ধৰণে বিয়ানামৰ প্ৰতিযোগিতাৰ উচ্চ শাখাত প্ৰথম স্থান দখল কৰে সূৰুযমুখী বিয়া নামৰ দল, দ্বিতীয় স্থান দখল কৰে জগদুৱাৰ অৰুণিমা শৰ্মা পাঠক দল আৰু তৃতীয় স্থান লাভ কৰে যোৰহাটৰ ৰুলি ফুকন বৰঠাকুৰৰ দলে ।
শ্ৰেষ্ঠ আয়তী হিচাপে বিবেচিত হয় প্ৰিয়াক্ষী গগৈ । ইফালে নিম্ন শাখাত প্ৰথম স্থান লাভ কৰে পদ্মকুমাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়, দ্বিতীয় স্থান লাভ কৰে ভজো বগৰীগুৰি বিয়ানামৰ দল আৰু তৃতীয় স্থান লাভ কৰে মাহমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিয়ানামৰ দলে ।
- Log in to post comments
- 74 views