এক বিশেষঞ্জ ৰেংকিঙে ভাৰতক মহিলাৰ বাবে অতি বিপজ্জনক দেশ হিচাপে চিহ্নিত কৰাৰ পিছত ভাৰতৰ পৰ্যটন মন্ত্ৰণালয়ে ভাৰতত মহিলাসকল যে সুৰক্ষিত তাক দেখুৱাবৰ বাবে প্ৰচাৰ কাৰ্যসূচী আৰম্ভ কৰিছে। উল্লেখ্য যে থমছন ৰয়টাৰ্ছ ফাউণ্ডেচনৰ ৫৪৮গৰাকী বিশেষঞ্জই মহিলা সম্পৰ্কীয় বিষয়ৰ ওপৰত চলোৱা এক সমীক্ষাত আফগানিস্তান, ছিৰিয়া, ছোমালিয়া আৰু চৌডি আৰবৰো ওপৰত মহিলাৰ বাবে আটাইতকৈ বিপজ্জনক দেশ হিচাপে ভাৰতক স্থান প্ৰদান কৰি জুলাইৰ ৬ তাৰিখে পৰ্যটন কাৰ্যালয়লৈ এক পত্ৰ প্ৰেৰণ কৰে। উক্ত পত্ৰত ২০১২ চনৰ ডিচেম্বৰ মাহত দিল্লীত সংঘটিত এক দলবদ্ধ ধৰ্ষণ আৰু তাৰ পিছত সংঘটিত হৈ অহা আন কেতবোৰ ঘটনাৰ কথাও উল্লেখ আছে। উক্ত পত্ৰ লাভৰ পিছত এতিয়া পৰ্যটন মন্ত্ৰণালয়ে দেশখনত যে মহিলাসকল সম্পূৰ্ণ সুৰক্ষিত তাক প্ৰতিপন্ন কৰিবৰ বাবে বিভিন্ন কাৰ্যসূচীৰে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। আনহাতে, মন্ত্ৰণালয়ে থমছন ৰয়টাৰ্ছ ফাউণ্ডেচনৰ এই ৰেংকিঙক সম্পূৰ্ণভাৱে নস্যাৎ কৰি এয়া ভিত্তিহীন আৰু সম্পূৰ্ণ অসত্য তথ্যৰ ওপৰত যুগুতোৱা প্ৰতিবেদন বুলি প্ৰকাশ কৰিছে। এইখিনতে উল্লেখ্য যে ২০১১ চনত চলোৱা এনে এক সমীক্ষাত মহিলাৰ সুৰক্ষা সম্পৰ্কীয় দিশত অতি নিকৃষ্টভাৱে ভাৰতে চতুৰ্থ স্থান লাভ কৰিছিল আৰু এই লৈ প্ৰচাৰ মাধ্যমত চৰকাৰক যথেষ্ট সমালোচনা কৰা হৈছিল। আনহাতে, ২০০৭-২০১৬ চনৰ ভিতৰত কৰা চৰকাৰী সমীক্ষাতো মহিলাৰ ওপৰত সংঘটিত অপৰাধ ৮৩ শতাংশলৈ বৃদ্ধি পোৱা দেখুওৱা হৈছে আৰু ঘণ্টাত ৪গৰাকী মহিলাৰ বলাৎকাৰ হোৱাৰ তথ্যও উল্লেখ আছে। এতিয়া ভাৰতত মহিলাৰ সুৰক্ষা আৰু সন্মান ওভতাই অনাৰ ক্ষেত্ৰত পৰ্যটন বিভাগ এই প্ৰচাৰ কাৰ্যসূচীৰ জৰিয়তে কিমান সফল হ’ব পাৰে সেয়া সময়েহে ক’ব।
- Log in to post comments
- 28 views