সাংবাদিক-শিক্ষক ভগৱান শৰ্মাৰ দেহাৱসান 

সাংবাদিক-শিক্ষক ভগৱান শৰ্মাৰ দেহাৱসান 

বঙাইগাঁৱৰ পৰা প্ৰণৱ কুমাৰ ডেকা গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সদস্য, অধুনালুপ্ত দৈনিক জনসাধাৰণ কাকতৰ সাংবাদিক তথা বঙাইগাঁও জিলাৰ বৰপথাৰ হাইস্কুলৰ বিজ্ঞান শিক্ষক ভগৱান শৰ্মাৰ মঙলবাৰে নিশা ডাংতলাস্থিত ৱেষ্ট ৰে’লৱে ক’লনীৰ আৱাসগৃহত দেহাৱসান ঘটে ৷

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৪৫ বছৰ ৷ ভাৰতীয় ৰে’ল বিভাগৰ প্ৰাক্তন কৰ্মচাৰী প্ৰয়াত পয়োধৰ শৰ্মাৰ কনিষ্ঠ পুত্ৰ ভগৱান শৰ্মাই ১৯৭৩ চনৰ ২ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰিছিল ৷ ডাংতলাৰ ৰে’লৱে প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা ভগৱান শৰ্মাই বঙাইগাঁৱৰ বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক (বিজ্ঞান) আৰু বৰপেটা জিলাৰ বজালী কলেজৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰী সম্পন্ন কৰিছিল ৷

তাৰ পিছত তেওঁ  ১৯৯৮ চনৰ ২২ মে’ত বঙাইগাঁও জিলাৰ বৰপথাৰ হাইস্কুলৰ বিজ্ঞান শিক্ষক পদত যোগদান কৰিছিল ৷ আশ্চৰ্যৰ বিষয় যে বৰপথাৰ হাইস্কুলত শিক্ষকতাৰ দৰে পৱিত্ৰ বৃত্তিত ২০ বছৰ নিয়োজিত থাকিলেও ভগৱান শৰ্মাৰ পদটো অদ্যাপি চৰকাৰীকৰণ নোহোৱাত সুদীৰ্ঘ কুৰি বছৰ বিনা বেতনেৰে কৰ্তব্য পালন কৰিবলগীয়া হয় ৷

ইপিনে ভেন্সাৰ (বৰ্তমান প্ৰাদেশীকৃত) হাইস্কুলতখনত কৰ্তব্য পালন কৰি অহাৰ সময়তে ভগৱান শৰ্মাই ২০০৪-০৫ বৰ্ষৰ পৰা গুৱাহাটীৰ পৰা প্ৰকাশিত "দৈনিক জনসাধাৰণ" কাকতৰ বঙাইগাঁৱৰ সংবাদদাতা আৰু "দৈনিক জনমভূমি" কাকতৰ ঢালিগাঁৱৰ সংবাদদাতা হিচাপে কাৰ্য সম্পাদন কৰি আহিছিল ৷

গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সদস্য তথা ঢালিগাঁও প্ৰেছ ক্লাবৰ সৈতে একনিষ্ঠভাৱে জড়িত থকা শিক্ষক-সাংবাদিক শৰ্মাই ২০১১ বৰ্ষৰ পিছৰে পৰা পাৰিবাৰিক অসুবিধাত পৰি সংবাদসেৱা জগতৰ পৰা বিৰত থাকিলেও বঙাইগাঁও আৰু চিৰাঙৰ সাংবাদিকসকলৰ লগত সু-সম্পৰ্ক বজাই ৰাখি আহিছিল ৷

অকালতে প্ৰাণ হেৰুওৱা শিক্ষক-সাংবাদিক ভগৱান শৰ্মাই দীৰ্ঘদিন ধৰি যকৃত আৰু বৃক্কৰ ৰোগত ভূগি আহিছিল ৷ হঠাৎ শাৰীৰিক অসুস্থতা বৃদ্ধি পোৱাত তেওঁক পৰিয়ালৰ লোকে যোৱা ২৭ ছেপ্টেম্বৰত গুৱাহাটীৰ হায়াত হাস্পতালত ভৰ্তি কৰায় আৰু অৱস্থাৰ উন্নতি ঘটাত নিউবঙাইগাঁৱৰ (ডাংতলাৰ ৱেষ্ট ৰে’লৱে ক’লনি)ৰ আৱাস গৃহলৈ লৈ আহে ৷

কিন্তু মঙলবাৰৰ নিশা প্ৰায় ১০ বজাত শিক্ষক-সাংবাদিক ভগৱান শৰ্মাই নিয়তিৰ ওচৰত হাৰ মানি শেষ নিশ্বাস ত্যাগ কৰে ৷ অকালতে মৃত্যুক সাৱটি লোৱা সাংবাদিক ভগৱান শৰ্মাই পত্নী অনামিকা ৰায় শৰ্মা, আঠবছৰীয়া কন্যা, ককায়েক, বায়েক আৰু বহুতো আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায় ৷

সাংবাদিক শৰ্মাৰ মৃত্যুত গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাব, কাজলগাঁও প্ৰেছ ক্লাব, বৰপথাৰ হাইস্কুল আদি অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ৷

Your Comments