ৰাজ্যৰ সমবায় সমিতিসমূহৰ দুৰৱস্থা : পৰিবহণ ব্যয় বহন নকৰে চৰকাৰে

ৰাজ্যৰ সমবায় সমিতিসমূহৰ দুৰৱস্থা : পৰিবহণ ব্যয় বহন নকৰে চৰকাৰে

ধুবুৰীৰ পৰা আমিনুৰ আহমেদ

সমবায় সমিতিৰ প্ৰতি কোনো গুৰুত্ব নাই চৰকাৰৰ । কংগ্ৰেছ গুচি পৰিৱৰ্তনৰ চৰকাৰ আহিল । পিছে আজিও দুৰ্ভোগ ভুগি আছে সমবায় সমিতিসমূহে । পৰিবৰ্তনৰ নামত কেৱল ভেঁকো-ভাওনা চৰকাৰৰ ।

ধুবুৰী জিলাৰ মোহৰিৰ চৰ পৰাৰ চৰ সমবায় সমিতিৰ নতুন সভাপতি নিৰ্বাচিত হ'ল চুকুৰ আলি আহমেদ । উপ-সভাপতি চোভিল উদ্দিন শ্বেখ । মুঠ ১৫জনীয়া নৱনিৰ্বাচিত কমিটীৰ সকলো সদস্যৰ সৈতে আজি সমবায়খনত উপস্থিত হয় নতুন সভাপতিগৰাকী ।

পিছে কাৰ্যালয়ত উপস্থিত হৈ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ সভাপতিগৰাকীৰ । বছৰ বছৰ ধৰি ৰাজ্যৰ প্ৰতিখন সমিতিয়ে সুলভ মূল্যৰ বস্তুসমূহ যোগান ধৰি আহিছে গ্ৰাহকসকলক । কিন্তু এই বস্তু-বাহিনীসমূহ কঢ়িয়াই লৈ অহাৰ বাবে এক বৃহৎ পৰিমাণৰ ধন সমবায়সমূহে নিজাববীয়াকৈ বহন কৰিব লগাত পৰিছে ।

কংগ্ৰেছৰ দিনতো এই বিষয়টো বাৰম্বাৰ চৰ্চিত হোৱাৰ উপৰি এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল সমিতিসমূহে । কিন্তু কোনো লাভ নহ'ল । অৱশ্যে চৰকাৰ পৰিৱৰ্তন হোৱাৰ লগে লগেই অলপ আশাৰ বতৰা পাইছিল সমিতিসমূহে ।

পিছে এই পৰিৱৰ্তনৰ চৰকাৰৰ দিনতো কোনো পৰিৱৰ্তন নহ'ল । আজিও জিলাখনৰ ভাৰতীয় খাদ্য নিগমৰ গুদামৰ পৰা নিজাকৈ খৰচ বহন কৰি বয়-বস্তুসমূহ কঢ়িওৱাৰ বাবে এক বুজন পৰিমাণৰ ধন ব্যয় হোৱাৰ উপৰি বিভিন্ন সামাজিক কাৰ্যকলাপসমূহ আজিলৈকে চলাই গৈছে সমিতিসমূহে ।

পিছে পৰিৱৰ্তনৰ চকাৰেই হওক বা আগৰ কংগ্ৰেছৰ চৰকাৰেই হওক, সমবায় সমিতিসমূহৰ দুৰৱস্থা আজিও একেই আছে ।

Your Comments