জামুগুৰিহাটৰ পৰা প্ৰণৱ জ্যোতি ভট্টাচাৰ্য
ৰাজ্যত পৰিৱৰ্তনকামী বিজেপি নেতৃত্বাধীন চৰকাৰখন থকা অৱস্থাতো জামুগুৰিহাটৰ পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ জৰাজীৰ্ণ অৱস্থা ৷ জামুগুৰিহাটৰ পৰিবহণ বিভাগৰ কাৰ্যালয়টো দিনক দিনে জহি-খহি ভগাঘৰলৈ পৰিণত হৈছে ৷
এই ভগাঘৰটি অসম পৰিবহণ বিভাগৰ জামুগুৰিহাট শাখাৰ কাৰ্যালয় বুলি চিহ্নিত কৰিবলৈ কাৰোৱে সাধ্য নাই ৷ ইয়াকে লৈ জনসাধাৰণৰ মাজত সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়া ৷ সকলোৰে দাবী, জামুগুৰিহাটৰ পৰিবহণ বিভাগৰ কাৰ্যালয়টো সোনকালে নিৰ্মাণ কৰিব লাগে ৷
- Log in to post comments
- 4 views