কৃত্ৰিম বানৰ কবলত বঙাইগাঁও আই টি আই : সমস্যা সমাধানৰ দাবীত ছাত্ৰ-ছাত্ৰীৰ পথ অৱৰোধ

কৃত্ৰিম বানৰ কবলত বঙাইগাঁও আই টি আই :   সমস্যা সমাধানৰ দাবীত ছাত্ৰ-ছাত্ৰীৰ পথ অৱৰোধ

বঙাইগাঁৱৰ পৰা প্ৰণৱ কুমাৰ ডেকা

বঙাইগাঁও চহৰৰ উত্তৰ বঙাইগাঁওস্থিত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (আই টি আই)ৰ চৌহদত বৰষুণৰ ফলত জমা হোৱা পানীয়ে এতিয়া কৃত্ৰিম বান সদৃশ পৰিৱেশৰ সৃষ্টি কৰিছে ৷ যাৰবাবে প্ৰতিষ্ঠানখনত অধ্যায়নৰত ছাত্ৰ-ছাত্ৰীসকলে অহা-যোৱা কৰাৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৷

প্ৰতিষ্ঠানখনৰ চৌহদত জমা হোৱা বৰষুণৰ পানী ওলাই যোৱাৰ ক্ষেত্ৰত কোনো বিজ্ঞানসন্মত নলাৰ ব্যৱস্থা নথকাৰ ফলত প্ৰতিবছৰে প্ৰতিষ্ঠানখনৰ চৌহদত কৃত্ৰিম বানৰ পৰিৱেশ হৈ আহিছে যদও এই ক্ষেত্ৰত সংশ্লিষ্ট পক্ষই কোনো সমাধানৰ পদক্ষেপ গ্ৰহণ কৰা নাই ৷

এইবাৰো বিগত কে'বাদিন ধৰি হোৱা ধাৰাষাৰ বৰষুণৰ ফলত প্ৰতিষ্ঠানখনৰ চৌহদত জমা হোৱা পানীয়ে  প্ৰতিষ্ঠানখনলৈ যোৱা পথ বুৰাই পেলোৱাত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে শিক্ষক-কৰ্মচাৰীসকল অসুবিধাত পৰিছে ৷

কৃত্ৰিম বানৰ কবলত বঙাইগাঁও আই টি আই :   সমস্যা সমাধানৰ দাবীত ছাত্ৰ-ছাত্ৰীৰ পথ অৱৰোধ

ছাত্ৰ-ছাত্ৰী তথা সকলোৱে লেতেৰা পানী ভাঙি উপস্থিত হ'বলগীয়া হৈছে প্ৰতিষ্ঠানখনত ৷ বিষয়টো জিলা উপায়ুক্তক অৱগত কৰাত ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আজি প্ৰতিষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীসকল ক্ষুব্ধ হৈ পৰে আৰু উত্তৰ বঙাইগাঁৱৰ পৰা পাৰ্ক,  আই টি আই তথা বঙাইগাঁও কলেজ, আৱৰ্ত ভৱন আদিলৈ যোৱা পথটো অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্থ কৰে ৷

পথ অৱৰোধকাৰী ছাত্ৰ-ছাত্ৰীসকলে আমাৰ সমস্যা সমাধান কৰক আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ পিছত অৱৰোধস্থলীত জিলা উপায়ুক্ত বাবুলাল শৰ্মাৰ লগতে জিলাৰ অতিৰিক্ত উপায়ুক্ত নিত্য বিনোদ ঔৱাৰী, অনুপম ডেকা উপস্থিত হৈ দুই-তিনিদিনৰ ভিতৰতে সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰাত অৱৰোধ উঠাই লয় ৷ ছাত্ৰ-ছাত্ৰীসকলে সংবাদ মাধ্যমৰ আগত অভিযোগ কৰা মতে, যোৱা সাতদিনমান ধৰি এই সমস্যা চলি আছে ৷

কৃত্ৰিম বানৰ কবলত বঙাইগাঁও আই টি আই :   সমস্যা সমাধানৰ দাবীত ছাত্ৰ-ছাত্ৰীৰ পথ অৱৰোধ

কেৱল প্ৰতিষ্ঠানখনৰ বাহিৰৰ চৌহদতে নহয়, ভিতৰতো পানী জমা হৈছিল ৷ ভিতৰত দুৰ্গন্ধময় অৱস্থাৰ বাবে শ্ৰেণীত উপস্থি থাকিব পৰা নাই ৷ যোৱা ২৭ ছেপ্টেম্বৰত জিলা উপায়ুক্তগৰাকী আহিছিল আৰু পানী যোৱাৰ বাবে নলা এটা খান্দি দিব বুলি কৈ তিনি ঘণ্টাৰ ভিতৰত সমস্যা সমাধান হ'ব বুলি কৈছিল ৷

কিন্তু সমস্যা সমাধান নহ'ল ৷ প্ৰতিবছৰে এইদৰে পানী জমা হয় যদিও পাৰ্কত থকা পুখুৰীৰ কালভাৰ্টটোৰ বাবে পানীখিনি বাহিৰলৈ ওলাই গৈছিল ৷ কিন্তু কালভাৰ্টটোৰ মাজভাগ বন্ধ হৈ থকাত আই টি আইৰ পানীখিনি বাহিৰলৈ ওলাই যাব পৰা নাই ৷

কৃত্ৰিম বানৰ কবলত বঙাইগাঁও আই টি আই :   সমস্যা সমাধানৰ দাবীত ছাত্ৰ-ছাত্ৰীৰ পথ অৱৰোধ

জিলা উপায়ুক্তগৰাকীয়ে সমস্যা সমাধানৰ আশ্বাস দিছে যদিও বাস্তৱত সমাধান হ'বনে নাই আমাৰ সন্দেহ আছে ৷ আমাক সমস্যাৰ সমাধান লাগে ৷ সেয়েহে যদিহে দুই-তিনি দিনৰ ভিতৰত সমস্যাৰ সমাধান নহয় তেন্তে পুনৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম বুলিও ছাত্ৰ-ছাত্ৰীসকলে স্পষ্ট কৰি দিয়ে ৷

ইপিনে সমস্যাটো সমাধান নোহোৱালৈকে প্ৰতিষ্ঠানখন তিনি দিনৰ বাবে বন্ধ ৰখাৰ বাবে ছাত্ৰ একতা সভাই কৰ্তৃপক্ষক আবেদন জনাইছে ৷ 

Your Comments