বঙাইগাঁৱত 'স্বচ্ছতাই সেৱা' কাৰ্যসূচীৰ সামৰণি

বঙাইগাঁৱত 'স্বচ্ছতাই সেৱা' কাৰ্যসূচীৰ সামৰণি

বঙাইগাঁৱৰ পৰা প্ৰণৱ কুমাৰ ডেকা

সমগ্ৰ দেশজুৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰা 'স্বচ্ছ ভাৰত অভিযান'ৰ অংশ হিচাপে তথা মহামানৱ মহাত্মা গান্ধীৰ জন্ম জয়ন্তী উদ্‌যাপনৰ উদ্দেশ্যে যোৱা ১৫ ছেপ্টেম্বৰৰ পৰা ৰূপায়ণ কৰা পষেকজোৰা 'স্বচ্ছতাই সেৱা-২০১৮' কাৰ্যসূচীৰ মঙলবাৰে বঙাইগাঁও জিলাত সামৰণি পৰে ৷

এই উপলক্ষে অনুষ্ঠিত হয় এক সামৰণি অনুষ্ঠান ৷ বঙাইগাঁও জিলা পানী আৰু অনাময় সমিতিৰ দ্বাৰা বঙাইগাঁও প্ৰশান্তি টুৰিষ্ট ল'জৰ সভাগৃহত অনুষ্ঠিত এই 'স্বচ্ছাই সেৱা-২০১৮' ৰ সামৰণী অনুষ্ঠানত সভাপতিত্ব কৰে জিলা উপায়ুক্ত বাবুলাল শৰ্মাই ৷

সভাৰ আৰম্ভণিতে জিলা উপায়ুক্তগৰাকীয়ে মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বালন কৰাৰ লগতে প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে ৷ উপায়ুক্তগৰাকীয়ে নিজৰ ভাষণত কয় যে বহু বছৰ আগতেই জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়ে জনসাধাৰণৰ মাজত স্বচ্ছতাৰ সজাগতাৰ বাবে কাম কৰিছিল ৷

বঙাইগাঁৱত 'স্বচ্ছতাই সেৱা' কাৰ্যসূচীৰ সামৰণি

স্বচ্ছতাৰ অভাৱত যে মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ-আজাৰ হ'ব পাৰে সেই কথা গান্ধীজীয়ে বহু বছৰ আগতে জনসাধাৰণৰ মাজত সজাগতা আনিবৰ বাবে প্ৰয়াস কৰিছিল ৷ গান্ধীজীৰ সেই সপোন বাস্তৱত ৰূপ দিয়াৰ বাবে বৰ্তমানৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৪ চনত স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰে ৷

কিন্তু প্ৰথম অৱস্থাত এই স্বচ্ছ ভাৰত অভিযান সম্পৰ্কত বহুতে বিৰূপ মন্তব্য কৰিছিল যদিও এতিয়া সকলো লোকে অনুভৱ কৰিছে যে ইয়াৰ প্ৰয়োজন আছিল বুলিও কয় ৷ উপায়ুক্তগৰাকীয়ে লগতে গান্ধীজীৰ ১৪৯সংখ্যক জন্মজয়ন্তী উপলক্ষে মহামানৱগৰাকীৰ জীৱন দৰ্শন তথা অহিংসা নীতিকো শ্ৰদ্ধাৰে সোঁৱৰে ৷

সভাত জিলা স্বাস্থ্য বিভাগৰ অতিৰিক্ত মুখ্য চিকিৎসা বিষয়া ডাঃ ভূপেন বৈশ্যই উপস্থিত থাকি জনসাধাৰণৰ মাজত স্বচ্ছতা বজাই ৰখাৰ বাবে তেওঁলোকৰ দৈনন্দিন কাম-কাজত কিছু সচেতনতা বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ত বক্তব্য ৰাখে ৷

লগতে পেলনীয়া সামগ্ৰীক কেনেকৈ পুনৰ ব্যৱহাৰৰ উপযোগী কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ তেওঁ পানী, অনাময় ব্যৱস্থা আৰু স্বচ্ছ পৰিৱেশেই সুস্বাস্থ্যৰ মূল আধাৰ বুলিও কয় ৷

ইপিনে সভাত বঙাইগাঁও জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা মাধৱ দত্তই আদৰণী ভাষণত স্বচ্ছ আৰু নিকা ভাৰত তথা অসম গঢ়াৰ ক্ষেত্ৰত ভাৰতৰ প্ৰধান মন্ত্ৰী আৰু মুখ্য মন্ত্ৰীৰ যি সপোন সেয়া বাস্তৱায়িত কৰিবলৈ সকলোকে সহযোগ কৰিবলৈ আহ্বান জনায় ৷

আনহাতে, সভাৰ উদ্দেশ্যে ব্যাখ্যাত সহকাৰী কাৰ্যবাহী অভিযন্তা শান্তনু সূত্ৰধৰে কয় যে স্বচ্ছতা এটা অভিযান বা আঁচনি নহয় ৷ ই হ'ল এটা জন আন্দোলন, যাৰ জৰিয়তে জনসাধাৰণৰ মাজত স্বচ্ছতা বিষয়ত সজাগতাৰ সৃষ্টি কৰিব পৰা যায় বুলিও কয় ৷

সভাত স্বচ্ছতাই সেৱা পষেকৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি ২৭ ছেপ্টেম্বৰত উত্তৰ বঙাইগাঁও হাইস্কুলত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা ৰচনা প্ৰতিযোগিতাৰ বঁটাসমূহো প্ৰদান কৰা হয় ৷

ৰচনা প্ৰতিযোগিতাত উত্তৰ বঙাইগাঁও হাইস্কুলৰ ছাত্ৰ ৰাজ মাহাতোৱে প্ৰথম, ব্ৰনছন জাতীয় বিদ্যালয়ৰ ছাত্ৰী মৰমী পাৰবিনে দ্বিতীয় আৰু উত্তৰ বঙাইগাঁও হাইস্কুলৰ ছাত্ৰী দিপালী ৰায় আৰু ব্ৰনছন জাতীয় বিদ্যালয়ৰ ছাত্ৰী আমিনা বেগমে তৃতীয় স্থান লাভ কৰে ৷

প্ৰতিযোগিতাখনত মুঠ ৪৩গৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছিল ৷ বাকীসকলক অংশগ্ৰহণৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰা হয় ৷ সেইদৰে স্বচ্ছ ভাৰত অভিযানৰ লগত জড়িত জিলাখনৰ পাঁচটা উন্নয়ন খণ্ডৰ পাঁচগৰাকী স্বচ্ছাগ্ৰহী ক্ৰমে শংকৰ দাস (মাণিকপুৰ উন্নয়ন খণ্ড), সঞ্জীৱ কুমাৰ বৰুৱা (বইটামাৰী উন্নয়ন খণ্ড), কল্পনা বৰ্মন (সৃজনগ্ৰাম উন্নয়ন খণ্ড), দৰ্পণা সিংহ (ডাংতল উন্নয়ন খণ্ড) আৰু প্ৰদীপ কুমাৰ বৰা (টাপাট্টাৰী উন্নয়ন খণ্ড)ক উদগনিমূলক বঁটা প্ৰদান কৰা হয় ৷

জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ এইচ আৰ ডি কনছালটেন্ট বেণুধৰ চৌধুৰীয়ে আঁতধৰা অনুষ্ঠানত আই ই চি কনছালটেন্ট ভনীতা দেৱীয়ে স্বচ্ছতাই সেৱা পষেকত ৰূপায়ণ কৰা বিভিন্ন কাৰ্যসূচীসমূহ প্ৰজেক্টৰৰ সহায়ত ফটো প্ৰদৰ্শন কৰে ৷

সভাত বিভাগীয় বিষয়া-কৰ্মচাৰীসকলৰ লগতে ব্ৰনছন জাতীয় বিদ্যালয় আৰু উত্তৰ বঙাইগাঁও হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে স্বচ্ছাগ্ৰহী, বিভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠানৰ কৰ্মী, অংগনৱাড়ী কৰ্মী আদি উপস্থিত থাকে ৷

Your Comments