মাজুলীৰ বনগাঁৱত কবি সন্মিলন আৰু গল্প পাঠৰ ব্যতিক্ৰমী অনুষ্ঠান 

ll

ত্ৰিৱেণী শাখা সাহিত্য সভাৰ উদ্যোগত এখনি কবি সন্মিলন আৰু গল্প পাঠৰ ব্যতিক্ৰমী অনুষ্ঠান এটি সম্পন্ন কৰা হয় | বিশিষ্ট শিক্ষাবিদ তথা ত্ৰিৱেণী শাখা সাহিত্য সভাৰ সভাপতি  উপেন বৰাৰ সঞ্চালনা কৰা কবি সন্মিলনখন আৰু গল্প পাঠৰ অনুষ্ঠানটিৰ আঁত ধৰে উক্ত শাখাৰ সম্পাদক তথা শংকৰদেৱ শিশু বিদ্যা নিকেতন, বনগাঁৱৰ প্ৰধান আচাৰ্য সূৰ্য্য কুমাৰ ভূঞাই ৷ 

ভাষণ প্ৰসংগত তেওঁ কয় যে পুৱ মাজুলী অঞ্চলৰ বৌদ্ধিক বিকাশৰ বাবে সকলো সচেতন লোক ঐক্যবদ্ধ হৈ অঞ্চলটোৰ লগতে জিলাখনৰ বাবে আগবাঢ়ি আহিব লাগিব | নতুন চামক শিক্ষাৰ লগতে সাহিত্য-সংস্কৃতিৰ দিশতো সকলো পক্ষই সদা সচেতন হৈ পৰিবেশ সৃষ্টি কৰিব লাগিব | সভাখনলৈ অতিথি কবি হিচাপে নিমন্ত্ৰণ কৰা মাজুলী জিলা কবি সন্মিলনৰ সম্পাদক তথা জনপ্ৰিয় আলোচনী ' মাজুলীত কবিতা' ৰ সম্পাদক জয়ন্ত হাজৰিকাই কবিতা পাঠৰ আগতে এটি মনোজ্ঞ আলোচনা আগবঢ়াই কয় যে মাজুলীত লেখকৰ সংখ্যা তেনেই নগণ্য আৰু যি কম সংখ্যক সাহিত্যসেৱীয়ে সাহিত্য চৰ্চা কৰি আছে তেখেতসকলৰো সৃষ্টিশীলতাৰ ক্ষেত্ৰত প্ৰচাৰৰ দুৰ্বলতা লক্ষ্যণীয় ৷ 

আমাৰ মাজত বহু প্ৰতিভা এতিয়াও সুপ্ত অৱস্থাত আছে আৰু তেনে প্ৰতিভাৰ উচিত মঞ্চ নিৰ্বাচনৰ ক্ষেত্ৰত জেষ্ঠসকলৰ দিকদৰ্শন নিতান্তই প্ৰয়োজনীয় | মাজুলী জিলা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা লখিমী শইকীয়া বৰাই অতিথি কবি হিচাপে গ্ৰহণ কৰি কয় যে মাতৃসকলে সকলো গঢ়িব পাৰে | সৃষ্টিশীলতাই মাতৃৰ পৰিচয় | সাহিত্যৰ ক্ষেত্ৰতো মাতৃসকলে ইয়াৰ সঠিক উত্তৰণ ঘটাই জাতীয় সাহিত্যৰ ভঁৰাল চহকী কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু নতুন চামক উলিয়াই আনিব লাগিব |

প্ৰায় ডেৰকুৰি কবিৰ কবিতা পাঠ আৰু সঞ্চালক হিচাপে অংশগ্ৰহণ কৰিও ক্ষুৰধাৰ সমালোচনা আৰু বিশ্লেষণ আগবঢ়োৱা উপেন বৰাৰ মনোজ্ঞ বক্তৃতাই সভাখনৰ সকলোকে মুগ্ধ কৰি তোলে | বিশিষ্ট শিক্ষাবিদ তথা সংগঠক যোগধৰ শইকীয়া, শিক্ষাবিদ মুহিন গায়ন,অনিমা শইকীয়া,ৰেখা মুদৈ প্ৰমুখ্যে বনগাঁও অঞ্চলৰ বহু কেইগৰাকী প্ৰতিষ্ঠিত লেখক-লেখিকাৰ কবিতা পাঠ আৰু গল্প পাঠকৰ লগতে শংকৰদেৱ শিশু বিদ্যা নিকেতন, বনগাঁও মাজুলীৰ ছাত্ৰ-ছাত্ৰীসকল কবিতা পাঠেৰে অনুষ্ঠানটি আকৰ্ষণীয় আৰু বৰণীয় অনুষ্ঠান উপভোগ কৰাৰ বাবে শ্ৰোতা-দৰ্শক সকলে প্ৰশংসা কৰিছে৷

Your Comments