নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা
অসম কৃষি বিশ্ববিদ্যালয়ৰ সৌজন্যত, আঞ্চলিক কৃষি গবেষণা কেন্দ্ৰ চিলঙনীৰ সহযোগত গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি -২০১৮ৰ অংশ ৰূপে আজি গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি বটদ্ৰৱা সমীপৱৰ্তী ৰাইডঙীয়াত স্বচ্ছ ভাৰত অভিযানৰ কাৰ্য্যসূচী ৰূপায়ণ কৰা হয় ৷ তদুপলক্ষে আজি পুৱা ৯.৩০ বজাত যোৰহাট কৃষি মহাবিদ্যালয়়, বিশ্বনাথ কৃষি মহাবিদ্যালয়, শৰৎ চন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয় আৰু ৰাজস্থান মেৱাৰ কৃষি বিশ্ববিদ্যালয়ৰ ৩০ গৰাকী ছাত্ৰ-ছাত্ৰী সমবেত হৈ আইভেটী ঐতিহ্যমণ্ডিত আইলক্ষী থানৰ সন্মুখৰ পৰা আইভেটী গাঁও, পহুকটা গাঁও হৈ ৰাইডঙীয়া পাঁচআলিলৈকে স্বচ্ছ ভাৰতৰ সজাগতাৰ বিভিন্ন শ্লোগানৰে এক সমদল উলিয়ায় । পাঁচআলিত ছাত্ৰ ছাত্ৰীসকলে পৰিবেশ নিকাকৰণ কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ অন্তত অন্ধবিশ্বাস দূৰীকৰণ আৰু স্বচ্ছতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এখনি বাটৰ নাট প্ৰদৰ্শন কৰে।
অনুষ্ঠানটিত গ্ৰাম্য কৃষিকৰ্ম অভিজ্ঞতা আঁচনিৰ তত্ত্ববধাযক ড° ইদ্ৰিচ আলি শ্বেখ, আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী ড০ অমল চন্দ্ৰ শৰ্মাৰ লগতে গ্ৰাম্য কৰ্ম অভিজ্ঞতা আঁচনিৰ অংশৰূপে বিগত ২৮ আগষ্টৰ পৰা আইভেটী আৰু পহুকটা গাঁৱত বাহৰ পাতি থকা যোৰহাট কৃষি মহাবিদ্যালয়়, বিশ্বনাথ কৃষি মহাবিদ্যালয়, শৰৎ চন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয় আৰু ৰাজস্থান মেৱাৰ কৃষি বিশ্ববিদ্যালয়ৰ ৩০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
- Log in to post comments
- 46 views