গোলাঘাটত গান্ধী জয়ন্তী পালন :  স্বচ্ছতাই সেৱা পষেকৰ সামৰণি 

ss

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকীৰ লগতে সংগতি ৰাখি আজি গোলাঘাট জিলাত ‘স্বচ্ছতাই সেৱা’ৰ পষেকজোৰা কাৰ্যসূচীৰ সামৰণী অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ জিলা পুথিভঁৰাল প্ৰক্ষাগৃহত জিলা প্ৰশাসন আৰু জিলা জল আৰু অনাময় সমিতিৰ যৌথ উদ্যোগত আয়োজন কৰা আজিৰ সভা সভাপতিত্ব কৰে জিলা উপায়ুক্ত গৌৰৱ বোথ্ৰাই ৷

ss

সভাত ভাষণ প্ৰদান কৰি উপায়ুক্তগৰাকীয়ে উপস্থিত সকলোকে অনাময় আৰু স্বচ্ছতাৰ মূলসূত্ৰ বুজি সকলোৰে বাসগৃহত বিজ্ঞানসন্মত অনাময়ৰ সুবিধা কৰি ল’বলৈ,  জিলাখনক মুকলিত মলত্যাগ মুক্ত কৰিব বাবে কাম কৰি যাবলৈ,  বৈজ্ঞানিক পদ্ধতিৰে জাবৰ নিস্কাশন কৰিবলৈ আহবান জনায় ৷
আজিৰ সভাত অতিৰিক্ত উপায়ুক্ত ধীৰাজ দাস, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা উপেন্দ্ৰ সিং, সহকাৰী কাৰ্যবাহী অভিযন্তা বিজিত দত্ত, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দেৱজিৎ চক্ৰবৰ্তী, বিশ্বজিৎ গগৈ, প্ৰতীক্ষা ৰায় আৰু অনান্য বিষয়া-কৰ্মচাৰী, বিশিষ্ট উদ্ভিদ বিজ্ঞানী ড০ পদ্মেশ্বৰ গগৈ, বিশিষ্ট সমাজকৰ্মী প্ৰখ্যাত দুৱৰা, মুক্তিযুঁজাৰু পোনাৰাম চুতীয়া, ভোলা সন্দিকৈ, বন সংমণ্ডল বিষয়া (সামাজিক বনানিকৰণ) চাইদুল ইছলাম, জনস্বাস্থ্য কাৰিকৰীৰ প্ৰাক্তন কাৰ্যবাহী অভিযন্তা মনোৰঞ্জন শইকীয়া, ৰুমি শইকীয়া, জিলা তথ্য আৰু জনসংযোগ বিষয়া নীনা বৰুৱা,  চকিয়ালগাৱঁৰ ৰাইজ উপস্থিত থাকে ৷

dd

আজিৰ সভাত স্বচ্ছতাৰ ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়োৱা তিনিগৰাকী জ্যেষ্ঠ হৰিজন লিয়াচ মচি, সুখীলাল বাছফৰ, গোলাপ চন্দ বাছফৰক জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৷ লগতে, গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি মুক্তিযুঁজাৰুৰ পৰিয়ালকো বিশেষ সম্বৰ্ধনা জনোৱা হয় ৷ 
ইয়াৰ পূৰ্বে গান্ধী জয়ন্তী উপলক্ষে বিশিষ্ট সমাজকৰ্মী প্ৰখ্যাত দুৱৰাই জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়ববীয়াৰ সৈতে আৱৰ্ত ভৱনত থকা জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধা জনায় ৷ আনহাতে, বিশিষ্ট উদ্ভিদ বিজ্ঞানী ড০ পদ্মেশ্বৰ গগৈয়ে জিলা পুথিভঁৰাল প্ৰাঙ্গণত আয়োজন কৰা আৱৰ্জনাৰ পৰা নিৰ্মিত বস্তুৰ এখন প্ৰদৰ্শনী মুকলি কৰে ৷ 

অনাময় আৰু স্বচ্ছতাৰ বিষয়ে ৰাইজক সজাগ কৰি তুলিবলৈ ‘স্বচ্ছতাই সেৱা’ অভিযানৰ কাৰ্যসূচী হাতত লোৱা হৈছিল ৷ এই কাৰ্যসূচীৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়োৱা স্বেচ্ছসেৱী সংগঠনসমূহক আজিৰ সভাত সম্বৰ্ধনা জনোৱা হয় ৷ 
এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি আয়োজন কৰা বিভিন্ন ক্ৰীড়া আদি প্ৰতিযোগিতাৰ বিজয়ীসকলকো আজি পুৰস্কাৰ প্ৰদান কৰা হয় ৷
 

Your Comments