নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা
মৰিগাঁও জিলাৰ বিভিন্ন অঞ্চলত দীৰ্ঘদিনৰে পৰা বাইক চুৰি কৰি ত্ৰাসৰ সৃষ্টি কৰা এটা কুখ্যাত বাইকচোৰক অৱশেষত বটদ্ৰৱাৰ জামতলাত একাংশ ৰাইজে হাতে লোটে ধৰিবলৈ সক্ষম হয় । ধৃত বাইকচোৰটোৰ নাম মেহেদি আলম (২৪)। ঘৰ নগাঁৱৰ জুৰীয়া থানাৰ অধীনৰ পূব মুকুন্দআটিত । জানিব পৰা মতে, মৰিগাঁও জিলাৰ লাহৰিঘাট নিবাসী আছাদুল ইছলামে মাত্ৰ তিনিদিন পূৰ্বে ক্ৰয় কৰা য়ামাহা (এফ জেদ) বাইকখনেৰে এগৰাকী সতীৰ্থসহ নগাঁৱৰ পৰা লাহৰিঘাটলৈ বুলি গৈ থকা অৱস্থাত নিশা ৯ মান বজাত বটদ্ৰৱাৰ জামতলা পাওতে হোটেল এখনত চাহ খাবলৈ সোমায় ।
বাইকখন ৰাস্তাৰ কাষতে ৰাখি হোটেলত চাহ খাই থাকোতেই নম্বৰপ্লেটহীন বাইকখন মেহেদি আলম নামৰ চোৰটোৱে তলা ভাঙিবলৈ চেষ্টা চলোৱা প্ৰত্যক্ষ কৰে একাংশ স্থানীয় লোকে । লগে লগে ৰাইজৰ সন্দেহ ওপজাত চোৰটোক কৰায়ক্ত সোধপোছ কৰে আৰু সবিশেষ জানিব পাৰি ততালিকে বটদ্ৰৱা আৰক্ষীক খবৰ দিয়ে । পিছত ৰাইজে চোৰটোক লপা থপা দি বটদ্ৰৱা আৰক্ষীক গতাই দিয়ে । সম্প্ৰতি চোৰটোক বটদ্ৰৱা আৰক্ষীয়ে জেৰা চলাই আছে ।
- Log in to post comments
- 23 views