বঙাইগাঁও জিলাৰ অন্তৰ্গত তিনিটা বিধানসভা সমষ্টি ক্ৰমে বঙাইগাঁও, উত্তৰ অভয়াপুৰী আৰু দক্ষিণ অভয়াপুৰী সমষ্টিত সোমবাৰে এন আৰ চিৰ বিভিন্ন দিশ সম্পৰ্কত আলোচনা কৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ দলীয় কাৰ্যকৰ্তাসকলৰ একোখনকৈ পৰ্যালোচনা সভা অনুষ্ঠিত হয় ৷ বঙাইগাঁও জিলা বিজেপিৰ সভাপতি সুকেন ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত সভাত বৰক্ষেত্ৰী বিধান সভা সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা, অসম কৃষি বিপনন পৰিষদৰ উপাধ্যক্ষ মনোজ বৰুৱা, ৰাজ্যিক বিজেপিৰ সম্পাদক কিশোৰ উপাধ্যায় আৰু সম্পাদিকা হিমানী অধিকাৰী উপস্থিত থাকি এন আৰ চি সম্পৰ্কত দলীয় কাৰ্যকৰ্তাসকলৰ লগত মত বিনিময় কৰে ৷
লগতে এন আৰ চি ত নাম অন্তৰ্ভুক্তি কৰাৰ ক্ষেত্ৰত পোৱা অসুবিধাসমূহৰ বিষয়ে বুজ লয় ৷ সভাত তেঁওলোকে কোনো প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম এন আৰ চিৰ পৰা বাদ নপৰে বুলি উল্লেখ কৰাৰ লগতে বাদ পৰা ভাৰতীয় নাগৰিকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হ'ব বুলিও দলীয় কাৰ্যকৰ্তাসকলক আশ্বাস প্ৰদান কৰে ৷
উল্লেখ্য যে বঙাইগাঁও বিধানসভা সমষ্টিৰ সভাখন বৰপাৰাস্থিত জিলা বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱাৰ বিপৰীতে উত্তৰ অভয়াপুৰী সমষ্টিৰ সভাখন সিদলসতী সমূহীয়া ভৱনত আৰু দক্ষিণ অভয়াপুৰী সমষ্টিৰ সভাখন অভয়াপুৰীস্থিত জ্যোতি সাংস্কৃতিক অনুষ্ঠানৰ প্ৰশালাত অনুষ্ঠিত হয় ৷ ৰাজ্যিক বিজেপিৰ নিৰ্দেশ মৰ্মে এই সভা অনুষ্ঠিত হয় বুলি জিলা বিজেপিৰ সাধাৰণ সম্পাদক উজ্বল কান্তি ৰায়ে জানিবলৈ দিছে ৷
- Log in to post comments
- 7 views