ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে বিশ্ব পৰ্যটন দিৱস উদ্‌যাপন

ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে বিশ্ব পৰ্যটন দিৱস উদ্‌যাপন

ধুবুৰীৰ পৰা আমিনুৰ আহমেদ

আজি বিশ্ব পৰ্যটন দিৱস ৷ বিশ্ব পৰ্যটন দিৱস উপলক্ষে আজি ধুবুৰী জিলা প্ৰশাসনৰ ফালৰ পৰা জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক লৈ জিলা সদৰ চহৰত অৱস্থিত ব্ৰিটিছৰ দিনত নিৰ্মিত বিভিন্ন ঐতিহাসিক বঙলা, গুৰু টেগ বাহাদুৰৰ গুৰুদ্বাৰ, নেতাই ধুবুনী ঘাট আদি পৰিদৰ্শন কৰাৰ লগতে তেনে ঐতিহাসিক সমলসমূহৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰোৱা হয় ।

জিলা উপায়ুক্তৰ লগতে কেইবাজনো জ্যেষ্ঠ নাগৰিক আৰু সাংবাদিকৰ উপস্থিতিত ছাত্ৰ-ছাত্ৰীসকলক গুৰু টেগ বাহাদুৰৰ গুৰুদ্বাৰ, ডাকঘৰ, আৱৰ্ত ভৱন, জিলা কোষাগাৰ, ডাক বঙলা, ভূপেন হাজৰিকা গোলাপ উদ্যান, জিলা উপায়ুক্ত আৰু জিলা বন বিষয়াৰ বঙলা, পাঁচ পীৰ দৰগাহ আৰু নেতাই ধুবুনী ঘাটকে ধৰি বিভিন্ন ঐতিহাসিক সমলসমূহৰ বিষয়ে অৱগত কৰোৱা হয় ।

ইপিনে আজি এই দিৱসৰ লগত সংগতি ৰাখি নেতাই ধুবুনী ঘাটত স্বচ্ছ ভাৰত আৰু বিশ্ব পৰ্যটন দিৱসৰ ওপৰত চিত্ৰ প্ৰদৰ্শনীৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । আনহাতে, আন বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয় ধুবুৰীৰ এই বিশ্ব পৰ্যটন দিৱসত ।

 ইপিনে আজি বিশ্ব পৰ্যটন দিৱস উপলক্ষে জিলা সংগ্ৰাহালয়ত ভিৰ কৰে স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰীয়ে । ধুবুৰী জিলা সংগ্ৰহালয়ত বিভিন্ন ঐতিহাসিক ৰজাদিনীয়া সা-সামগ্ৰী তথা সমলৰ লগতে ব্ৰিটিছৰ দিনৰ বিভিন্ন ঐতিহাসিক সমল আৰু সা-সামগ্ৰী বিশেষভাৱে প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয় ।

ৰজা আৰু ব্ৰিটিছে ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰীৰ উপৰি বহু পুৰণিকলীয়া সামগ্ৰী প্ৰত্যক্ষ কৰাৰ লগতে সেইবোৰৰ বিষয়ে জানিবলৈ পাই আনন্দিত হৈ পৰে শিক্ষাৰ্থীসকল । 
 

Your Comments

Related Articles