আমি ক’লৈ গৈ আছো!

a

§  সমৰেন্দ্ৰ ভৰদ্বাজ

সনাতন ধৰ্মৰ দেশ৷ হিন্দু সংস্কাৰ, সংস্কৃতিৰ দেশ৷ শংকৰদেৱ, মাধৱদেৱৰ নিচিনা গুৰু দুজনাৰ দেশ৷ এইখন দেশতে আমাৰ আজি ইমান নৈতিক স্খলন৷ আমি ইমান ব্যক্তিকেন্দ্ৰিক হৈ আহিছোঁ যে কাৰোৰেই খবৰ ল’বলৈ আমাৰ আহৰি আৰু ইচ্ছা দুয়োটাই নাই৷ ৰজনী খাৰঘৰীয়াই চৰম মানসিক আঘাতত পত্নী সহিতে আত্মহত্যাৰ সিদ্ধান্ত লোৱালৈকে আমি সমাজখনে সঁচাকৈ একো গমে নাপালোঁনে? নতুবা আমি সেই অনুভূতিসমূহ হেৰুৱাই আহিছোঁ৷ সমাজ পাতি আমি বসবাস কৰিছোঁ কিয়? দোষৰ পৰা আমি মুক্ত জানো? মনত আছেনে সেই অসহায় পিতৃজনৰ কথা- ল’ৰা দুজনৰ পইচা দিব নোৱাৰি স্কুলৰ পৰা এৰুৱাই আনিছিল৷ আৰ এছ এছৰ প্ৰত্যক্ষ নিৰ্দেশনাত চলা বিদ্যালয় সেইখন৷ শংকৰদেৱ শিশু নিকেতন, সৰভোগ৷ সেই আচাৰ্যসকলৰ সমাজৰ কেইজনে খবৰ ৰাখিছিল তেওঁলোকৰ৷ সন্তান দুটিক নিজহাতে বিহ খুওৱাৰ পিচত নিজে আত্মহত্যা কৰিছিল দুই পিতৃ-মাতৃয়ে৷ কিমান কঠিন সিদ্ধান্ত আছিল সেয়া এবাৰ অনুভৱ কৰি চাওক৷ বিচলিত কৰি তুলিছিল বৰ্ষীয়ান ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীদেৱক। তেওঁ নিজে ৩০,০০০ টকাৰে এনেকুৱা ঘটনাৰ পুৰনাবৃত্তি নহ’বৰ বাবে গুৱাহাটীৰ পাঞ্জাবাৰীৰ ৰাইজৰ বাব এটি সাহায্য পুঁজিৰ আৰম্ভণি কৰিছিল৷ সৌ সিদিনা বিশেষভাৱে অক্ষম সন্তানক দলঙৰ তলত এৰি থৈ যোৱাৰ ঘটনাও আমাৰ এই সমাজতে৷ আধুনিকতাৰ দোহাই দি অশালীনতাৰ লগত আপোচ আমিয়ে কৰিছোঁ৷ আমিয়েই সেইখন সমাজত আছোঁ, য’ত নিলোৎপলহঁতৰ ক্ৰন্দন অনুভৱ কৰিবলৈ অপৰাগ হ’লোঁ৷ পৰিৱৰ্তন হঠাতে আহিছে জানো৷ কাকো দোষ জাপিব বিচৰা নাই৷ শুধৰণি আৰু ওভতনি যাত্ৰা দুয়োটাই যেন কৰিবই লাগিব৷

Your Comments