বেংকত ৭,২৭৫ ক্লাৰিকেল কেডাৰৰ চাকৰি

বেংকত ৭,২৭৫ ক্লাৰিকেল কেডাৰৰ চাকৰি

এলাহাবাদ বেংক, অন্ধ্ৰ বেংক, বেংক অব্‌ বৰোডা, বেংক অব্‌ ইণ্ডিয়া, বেংক অব্‌ মহাৰাষ্ট্ৰ, কানাড়া বেংক, চেণ্ট্ৰেল বেংক অব্‌ ইণ্ডিয়া, কৰ্প'ৰেচন বেংক, দেনা বেংক, ইণ্ডিয়ান বেংক, ইণ্ডিয়ান অ'ভাৰছিচ বেংক, অ'ৰিয়েণ্টেল বেংক অব্‌ কমাৰ্চ, পঞ্জাব নেচনেল বেংক, পঞ্জাব এণ্ড সিন্ধ বেংক, ছিণ্ডিকেট বেংক, ইউকো বেংক, ইউনিয়ন বেংক অব্‌ ইণ্ডিয়া, ইউনাইটেড বেংক অব্‌ ইণ্ডিয়া আৰু বিজয়া বেংকত ক্লাৰিকেল কেডাৰত ৭,২৭৫টা পদ পূৰণ কৰাৰ বাবে প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷

ইনষ্টিটিউট অব্‌ বেংকিং পাৰ্ছনেল ছিলেকচন চমুকৈ আই বি পি এছে ইতিমধ্যে বিজ্ঞাপন প্ৰকাশ কৰিছে ৷ এইসমূহ পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ন্যূনতম স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে কম্পিউটাৰৰ সাধাৰণ জ্ঞান থাকিব লাগিব ৷

প্ৰাৰ্থীগৰাকী সেইখন ৰাজ্যৰ স্থানীয় ভাষাৰ ওপৰত দখল থাকিব লাগিব ৷ প্ৰাৰ্থীৰ বয়স ২০-২৮ বছৰৰ ভিতৰত ৷ প্ৰাৰ্থীসকলে অন্‌-লাইনযোগে ৬০০ টকা মাচুলসহ আবেদন কৰিব পাৰিব ৷

আবেদনৰ অন্তিম দিন ১০ অক্টোবৰ ৷ সবিশেষ জানিবলৈ www.ibps.in ৱেবছাইটৰ সহায় ল'ব পাৰে ৷ অসমত খালী পদৰ সংখ্যা ৯৪টা ৷
 

Your Comments