বইটামাৰীৰ নাককাটি পাহাৰত পৰ্যটকৰ ভিৰ

বইটামাৰীৰ নাককাটি পাহাৰত পৰ্যটকৰ ভিৰ

বঙাইগাঁও জিলাত বিৰাজমান নাককাটি পাহাৰ বৰ্তমান হৈ পৰিছে পৰ্যটকৰ বিশেষ আকৰ্ষণ । নাককাটি পাহাৰৰ শিখৰত এচটা শিল আছে । সেই শিলচটা প্ৰাকৃতিকভাৱে অনুভূমিক দিশত আছে ।

সেই শিলচটা অৰ্থাৎ পাহাৰৰ শিখৰৰ উক্ত ঠাইখিনিৰ লগত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰ্জিনিয়াৰ মেকফি নৱ' আৰু নৰৱে'ৰ ট্ৰলটুংগাৰ লগত থকা হুবহু সাদৃশ্যৰ কথা কেইবছৰমান পূৰ্বে পোহৰলৈ আহিছিল ।

বইটামাৰীৰ নাককাটি পাহাৰত পৰ্যটকৰ ভিৰ

তাৰপিছতে সেই শিলচটাত উঠিবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ উপৰি বহি:ৰাজ্য আৰু বিদেশৰো পৰ্যটকৰ আগমন ঘটিবলৈ ধৰে ।  জিলাখনৰ নৰ্থ বইটামাৰীৰ দেৱানগাঁৱত পাহাৰত উঠিলে শিখৰৰ শিলচটা পোৱাত সুবিধা হয় ।

ইফালে দেৱানগাঁৱত স্থানীয় একাংশ যুৱকে খোৱা-লোৱা, থকাৰ লগতে পাহাৰত উঠাৰ সময়ত গাইড হিচাপে সহায় আগবঢ়ায় । তাৰ বিনিময়ত তেওঁলোকে সামান্য বৰঙণি লয় ।

বইটামাৰীৰ নাককাটি পাহাৰত পৰ্যটকৰ ভিৰ

সেইকাৰণে বৰ্তমান প্ৰায় প্ৰতিদিনে নাককাটি পাহাৰত উঠিবলৈ দলে দলে লোক আহি নৰ্থ বইটামাৰীৰ দেৱানগাঁৱত উপস্থিত হয় । পাহাৰ বগাই শিখৰৰ সেই শিলচটাত উঠি প্ৰকৃতিৰ সৌন্দৰ্য পান কৰে লোকসকলে ।

বইটামাৰীৰ নাককাটি পাহাৰত পৰ্যটকৰ ভিৰ

শিলচটাত উঠি একপি ফটো উঠাৰ আমেজেই  বেলেগ । তাৰপৰা তলৰ তথা চৌদিশৰ মনোৰম দৃশ্য উপভোগ কৰিব পাৰে । ইফালে নাককাটি পাহাৰত আছে 'নীলৰ খকৰ' আৰু 'চকীদাৰি শিল' নামৰ দুটা গুহা ।

লগতে আছে দৃষ্টিনন্দন নিজৰা । পাহাৰখনৰ এই সকলোবোৰ উপভোগ কৰিবলৈ প্ৰতিদিনে আগমন ঘটিছে পৰ্যটকৰ ।

বিশেষকৈ এডভেন্সাৰ টুৰিজিমৰ ক্ষেত্ৰ হৈ পৰিছে নাককাটি পাহাৰ । চৰকাৰে গুৰুত্ব আৰোপ কৰিলে অধিক আকৰ্ষণীয় হ'ব এই পৰ্যটন কেন্দ্ৰ ।
 

Your Comments

Related Articles