দীঘলীপুখুৰীত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ

A

নিউজ ডেস্ক:

ক্ৰমাৎ যেন অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে গুৱাহাটী মহানগৰী।গুৱাহাটীৰ দীঘলীপুখুৰীত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ।দীঘলীপুখুৰীৰ পানীত ওপঙি থকা অৱস্থাত সোমবাৰে পুৱাই প্ৰত্যক্ষ কৰে মৃতদেহটো।উৱলি যোৱা মৃতদেহটো আৰক্ষীৰ উপস্থিতিত উদ্ধাৰ কৰা হয়।ইফালে বৰ্তমানলৈকে পৰিচয় জানিব পৰা হোৱা নাই মৃতদেহটোৰ।কোনো দুৰ্বৃত্তই হত্যা কৰি মৃতদেহ পেলাই গৈছে নে অন্য কিবা কাৰণত যুৱকজনৰ মৃত্যু হ’ল সেইয়া আৰক্ষীৰ প্ৰকৃত তদন্তৰ পাছতহে পোহৰলৈ আহিব।দীঘলীপুখুৰীৰ পানবজাৰ পাৰতে উদ্ধাৰ হয় অচিনাক্ত মৃতদেহটো।

Your Comments