নগাঁও এনকাউণ্টাৰৰ তদন্তৰ নিৰ্দেশ, নিৰীহৰ ওপৰত আৰক্ষী কঠোৰ হলে সহ্য কৰা নহব- মুখ্যমন্ত্ৰী

A

নিউজ ডেস্ক:

নগাঁৱৰ প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তি কমল বৰাৰ এনকাউণ্টাৰৰ ঘটনাৰ তদন্ত ঘোষণা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰক সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ।এসপ্তাহৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিব লাগিব সচিব গৰাকীয়ে।দিছপুৰ জনতা ভৱনত দেওবাৰে সংবাদমেল সম্বোধন কৰি শৰ্মাই কয়- অসম আৰক্ষী সাধাৰণ জনতাৰ লগত বন্ধুত্বপূূূূৰ্ণ হ’ব লাগে।নিৰীহৰ ওপৰত আৰক্ষী কঠোৰ হলে সহ্য কৰা নহব।তদন্তত যদি আৰক্ষীৰ ভুল হয় তেন্তে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি লগতে তেওঁ কয়।

উল্লেখ্য যে তদন্তৰ সময়চোৱাত অৰ্থাৎ ৭দিন ঘটনাৰে জড়িত বিষয়াসকলকো ৰিজাৰ্ভ ক্লজত থকাৰ নির্দেশ মুখ্যমন্ত্ৰীৰ।ঘটনাৰ কথা আৰক্ষী অধীক্ষক গৰাকীৰ অৱগত হলে তেওঁকো এসপ্তাহৰ ৰিজাৰ্ভ ক্লজত থকাৰনিৰ্দেশ শৰ্মাৰ। 

উল্লেখ্য যে শনিবাৰে ৰোগীয়া মাতৃৰ ঔষধ আনিবলৈ যোৱা প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তি কমল বৰাক নগাঁও আৰক্ষীয়ে সো-ভৰিত গুলি কৰিছিল।ড্ৰাগছৰে জড়িত থকাৰ গুৰুতৰ অভিযোগত আৰক্ষীয়ে গুলিবিদ্ধ  কৰিছিল বৰাক।ইফালে ঘটনা সংঘটিত হোৱাৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।দাবী  উঠিছিল ঘটনাৰ উচিত তদন্তৰ।

Your Comments