মহানগৰীৰ সৰুসজাইস্থিত গৰলীয়াত একে নিশাই দুটাকৈ পৰিয়ালত চুৰি

A

 

B

নিউজ ডেস্ক:

মহানগৰীত চোৰৰ তাণ্ডৱ ।যোৱা নিশা গুৱাহাটীৰ সৰুসজাইস্হিত গৰলীয়াৰ তপন মেধি নামৰ যুৱক জনৰকোঠাৰ পৰা দুটাকৈ মবাইলৰ লগতে নগদ ১০০০ টকা আৰু বাইক ৰ নথি পত্ৰ আদি লৈ উধাও হয় চোৰে ।বাইকত চাবি লগাই নিব নোৱাৰি পলায়ন কৰে বুলি জানিব পৰা গৈছে ।

তাৰোপৰি ওচৰৰে  কাকতি নামৰ ভাড়াতীয়া পৰিয়ালটোৰ ঘৰৰ পৰা এখন বাইকৰ লগতে এটা হেলমেত চুৰি হয়। চুৰি হোৱা বাইক খনৰ নম্বৰ এতিয়ালৈ জানিব পৰা হোৱা নাই ।একে নিশাই দুটা পৰিয়ালত চুৰিকাণ্ড সংঘটিত হোৱাৰ পিছতে এতিয়া  অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।চুৰি কাণ্ডৰ খবৰ পোৱাৰ পিছতে   বশিষ্ঠ আৰক্ষী  ঘটনাস্হলীত উপস্হিত হৈ তদন্ত  আৰম্ভ কৰে।

 

Your Comments