গুৱাহাটীত উদণ্ড যুৱকৰ কাৰ ৰেচিং: জয়ানগৰত ভয়ংকৰ দুৰ্ঘটনা

A

নিউজ ডেস্ক:


গুৱাহাটী মহানগৰীৰ ৰাজপথত উদণ্ড যুৱকৰ নিশা অতপালি।জয়ানগৰ ৱাকিং জ’নত কাৰ ৰেচিং কৰি ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰে উদণ্ড যুৱকে।অসম লোকসেৱা আয়োগৰ ভৱনৰ সন্মুখত মঙলবাৰে নিশা সংঘটিত হয় দুৰ্ঘটনাটো।এ এছ ০২ ডব্লিউ ০৪৩৫ নম্বৰ বিলাসী i20 আৰু এ এছ ০১ডিবি ৭৯৭৯ নম্বৰ বিলাসী ডাষ্টা বাহনৰ ৰেচৰ ফলত দুৰ্ঘটনা সংঘটিত হয়।ৰেচিং কৰি যোৱাৰ বিলাসী i20 বাহনখনে বিপৰীতে দিশৰ পৰা গাখীৰ  কঢ়িয়াই অনা এখন বলেৰ পিক আপৰ সৈতে মুখামুখি সংঘৰ্ষ হয়।গাখীৰ লৈ অহা বলেৰখন ৰাস্তাতে বাগৰি পৰাৰ লগতে বিলাসী i20খনৰ সন্মুখ ভাগ সম্পূৰ্ণ ক্ষতিগ্ৰস্ত হয়।ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে উদণ্ড যুৱকৰ দলটো।i20বাহন খনৰ দুগৰাকী আৰোহী আহত হোৱা বুলি জানিব দিছে আৰক্ষীয়ে।  আহত দুয়োকেই ডাষ্টাৰখনৰ আৰোহীয়ে লৈ উধাও হয়।

প্ৰত্যক্ষদৰ্শীৰ অভিযোগ অনুসৰি গাড়ী দুখন প্ৰায় ১৫০কিঃমিঃ বেগত আছিল।

Your Comments