মাজনিশা গুৱাহাটী মহানগৰীত নাহৰফুটুকীৰ মুক্ত বিচৰণ, মোবাইল কেমেৰাত বন্দী

A

নিউজ ডেস্ক:

গুৱাহাটী মহানগৰীত নাহৰফুটুকীৰ মুক্ত বিচৰণ।মোবাইল কেমেৰাত বন্দী হৈছে জনাঞ্চলত মুক্ত বিচৰণ কৰি ফুৰা প্ৰকাণ্ড নাহৰফুটুকীৰ দৃশ্য ।মঙলবাৰে নিশা প্ৰায় ১২.৩০ বজাত পাহাৰৰ পৰা নামি আহি গুৱাহাটী গণেশপাৰা বাথৌ মন্দিৰ চৌহদত প্ৰৱেশ কৰা নাহৰফুটুকীৰ মুক্ত বিচৰণৰ দৃশ্য প্ৰত্যক্ষদৰ্শীয়ে  মোবাইলৰ কেমেৰাত বন্দী কৰিছে । 

প্ৰত্যক্ষদৰ্শী স্থানীয় বাসিন্দাৰ মতে- প্ৰত্যেক বছৰে নৱেম্বৰ-জানুৱাৰী মাহত অঞ্চলটোত নিশাৰ সঘনাই আহ-জাহ হয় নাহৰফুটুকী।খাদ্য সন্ধানত পাহাৰৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰে আৰু ছাগলী, কুকুৰ, হাঁহ-কুকুৰা আদি বিভিন্ন সময়ত  ভক্ষণ কৰি আহিছে।

ইফালে যোৱা নিশা প্ৰত্যক্ষ কৰা নাহৰফুটুকীৰ দৃশ্যই আকৌ চিন্তিত কৰি তুলিছে অঞ্চলবাসীক।

গুৰুত্বপূৰ্ণ কথা এই যে  মহানগৰীত বিভিন্ন সময়ত নাহৰফুটুকীৰ মুক্ত বিচৰণ প্ৰায় পৰিলক্ষিত হয়।গৃহ নিৰ্মানৰ বাবে বনাঞ্চল ধ্বংস কৰি জীৱজন্তুৰ  আশ্ৰয় স্থলসমূহ হ্ৰাস কৰি অনাৰ বাবে প্ৰায়ে খাদ্যৰ সন্ধানত জনাঞ্চল লৈ নামি আহে নাহৰফুটুকী।

বিভিন্ন সময়ত জনাঞ্চলত জীৱ- জন্তু লগতে মানুহো নাহৰফুটুকী আক্ৰমনৰ বলি হৈছে।যোৱা বৰ্ষত নাহৰফুটুকীৰ আক্ৰমণত মালিগাঁও আদিংগিৰি অঞ্চলত এটি শিশু নিহত হৈছিল।

Your Comments