তিনিচুকীয়াৰ জীয়ৰী ড° লখিমা চুতীয়াই গৱেষক হিচাপে যোগদান কৰিলে আমেৰিকাৰ আইৱা বিশ্ববিদ্যালয়ত

A



নিউজ ডেস্ক:
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত বায়ুমণ্ডলীয় অধ্যয়ন কেন্দ্ৰৰ পৰা পদার্থ বিজ্ঞান বিভাগৰ অধ্যাপক বিনীতা পাঠক আৰু প্ৰদীপ কুমাৰ ভূঞাৰ তত্ত্বাৱধানত ডক্টৰেট ডিগ্রী লাভ কৰা তিনিচুকীয়াৰ লখিমা চুতীয়াই আমেৰিকা যুক্তৰাষ্ট্ৰৰ আইৱা বিশ্ববিদ্যালয়ত প’ষ্ট ডক্টৰেল ৰিছাৰ্চ ফেল’ হিচাপে যোগদান কৰিছে। উল্লেখ্য যে ,বিশ্ববিদ্যালয়খনৰ অধ্যাপক জাং ৱাঙৰ সৈতে চুতীয়াই ‘বায়ুৰ মান আৰু জলবায়ু পৰিৱৰ্তন’ সম্পৰ্কীয় গৱেষণাৰ কাম কৰিব৷
২০০৯ চনত আৰম্ভ হোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদার্থবিজ্ঞান বিভাগৰ সংযুক্ত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষৰ প্ৰথম স্থানপ্রাপ্ত ছাত্রী আছিল লখিমা৷ সেই অনুসৰি তেওঁ ডক্টৰেল গৱেষণাৰ বাবে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ পৰা উদগনিমূলক বৃত্তি লাভ কৰিছিল। ছাত্ৰাৱস্থাতে গৱেষণা আৰম্ভ কৰা লখিমা চুতীয়াই স্নাতকোত্তৰৰ অন্তিম বৰ্ষত ইছৰ’ৰ মহাকাশ বিজ্ঞান প্ৰচাৰ আঁচনিৰ অধীনত ছাত্র ফেল’ হিচাপে প্ৰফেছৰ প্ৰদীপ কুমাৰ ভূঞাৰ তত্ত্বাৱধানত কাম কৰি আন্তঃৰাষ্ট্ৰীয় গৱেষণা গ্ৰন্থত নিজৰ গৱেষণা পত্র প্রকাশ কৰিছিল।
গুৰুত্বপূৰ্ণ কথা এই যে ,তেওঁ ইছৰ’ৰ অধীনৰ এটা প্রকল্প ‘Aerosol Ratinctive forecing over India’ ত কাম কৰাৰ উপৰি শেহতীয়াকৈ ড° বিনীতা পাঠকৰ তত্ত্বাৱধানত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অনুদানপ্রাপ্ত ‘Human and Institunel Capacity Building’ আই ই টি ই প্ৰকল্পত জ্যেষ্ঠ গৱেষক হিচাপে কাম কৰিছিল। ইতিমধ্যে দেশ-বিদেশৰ কেইবাটাও গৱেষণাগাৰ ভ্ৰমণ কৰাৰ লগতে দুটাকৈ আন্তঃৰাষ্ট্ৰীয় আৰু এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে ড° লখিমা।

  

Your Comments