গুৱাহাটী মহানগৰীৰ ব্ৰহ্মপুত্ৰত উদ্ধাৰ অচিনাক্ত মৃতদেহ

A

নিউজ ডেস্ক:

গুৱাহাটী মহানগৰীৰ ব্ৰহ্মপুত্ৰত মঙলবাৰে উদ্ধাৰ এটা অচিনাক্ত মৃতদেহ।কাছাৰী পাৰঘাটৰ পানী জুৱলিত উদ্ধাৰ মৃতদেহটো।

পাৰঘাট নাৱিক প্ৰশিক্ষণ কেন্দ্ৰৰ জাহাজৰ সন্মুখৰ পানী জুৱলিত উদ্ধাৰ হোৱা মৃতদেহটো পদপথত বাস কৰা ব্যক্তিৰ বুলি সন্দেহ।নদীৰ বুকুত উদ্ধাৰ হোৱা মানুহজনৰ বয়স প্ৰায় ৪২বছৰমানৰ হ'ব বুলি অনুমান কৰা হৈছে।

নদী আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰে৷ 

অচিনাক্ত মৃতদেহটো চিনাক্তৰ বাবে ৭২ঘণ্টা ৰখা হ’ব গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ মৰ্গত।

Your Comments