মহানগৰীত লোমহৰ্ষক হত্যা কাণ্ড:খানাপাৰা উৰণীয়া সেতুৰ সমীপত মহিলাৰ কটা ভৰি উদ্ধাৰ

A

নিউজ ডেস্ক:


বেলতলা ছাৰ্ভেৰ বৃদ্ধা দম্পত্তি হত্যা কাণ্ডৰ চাঞ্চল্য মাৰ নাযাওতেই পুনৰ গুৱাহাটীত লোমহৰ্ষক হত্যাকাণ্ড।খানাপাৰাৰ উৰণীয়া সেতুৰ সমীপত ডাষ্টবিনৰ কাষত মহিলাৰ কটা ভৰি উদ্ধাৰ।পলিথিনেৰে বান্ধি থোৱা অৱস্থা উদ্ধাৰ ভৰি দুখন।কিন্তু মহিলা গৰাকীৰ ওপৰৰ অংশ বৰ্তমানো উদ্ধাৰ হোৱা নাই।
উল্লেখ্য যে স্থানীয় লোকে শনিবাৰে পুৱা কটা ভৰি দুখনপ্ৰত্যক্ষ কৰে।পলিথিনেৰে মেৰিয়াই ৰখা ভৰি দুখন এজোপা গছৰ কাষত পেলাই থৈ গৈছিল দুৰ্বৃত্তই।আনহাতে আৰক্ষী উপস্থিত হৈ ইতিমধ্যে ভৰি দুখন উদ্ধাৰ কৰিছে।

গুৰুত্বপূৰ্ণ কথা এই যে  যিখনি ঠাইত ভৰি দুখন উদ্ধাৰ হৈছে সেই ঠাইখিনিত আৰক্ষী ২৪ঘণ্টাই সষ্টম থাকে।তাৰ পাছতো আৰক্ষীৰ চকুত ধূলি দি কোনে কটা ভৰি দুখন পেলাই গ'ল সেইয়া বৰ্তমান ৰহস্যৰ আৱৰ্তত ।

শেহতীয়াকৈ গুৱাহাটী মহানগৰীত সঘনাই সংঘটিত হৈছে নৃশংস হত্যা কাণ্ডৰ ঘটনা।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য মতে কঁকালৰ পৰা তলৰ অংশ আছিল মহিলা গৰাকীৰ।পুৱাৰ ৮.৩০- ৯ বজাত জাৱৰ কঢ়িওৱা বাবে আহোঁতে দেখা পাইছোঁ।বটল বিচৰা দুই- তিনিজন মানুহে চাই থকা দেখা পাইছোঁ।ভৰি কেইটা দেখি মহিলা বুলি গম পাই- প্ৰত্যক্ষদৰ্শী জনে এইদৰে কয়।

Your Comments