বিৰোধী ঐক্যবদ্ধ নোহোৱা বাবে আকৌ এবাৰ হাততে পোৱা জয় হেৰুৱাব লৈছোঁ- অজিত কুমাৰ ভূঞা

A

নিউজ ডেস্ক:

'উপ-নিৰ্বাচনত বিৰোধী ঐক্যবদ্ধ হোৱা হলে বিজেপিয়ে এখনো আসন নাপালে হেঁতেন।ঐক্যবদ্ধ বিৰোধী নোহোৱা বাবে হাততে পোৱা জয় হেৰুৱাব লোৱা যেন অনুমান হৈছে'- উপ-নিৰ্বাচনক লৈ এই মন্তৱ্য সাংসদ অজিত কুমাৰ ভূঞাৰ।গুৱাহাটী প্ৰেছ ক্লাৱত আজি আঞ্চলিক গণ মৰ্চাৰ সভাপতি জনে  সংবাদমেলত কয়- ২১ৰ বিধানসভা নিৰ্বাচনৰ পৰা বিৰোধী শক্তিসমূহে শিক্ষা লোৱা প্ৰয়োজন আছিল। বিৰোধী ঐক্যবদ্ধ নোহোৱা  বাবে আকৌ এবাৰ উপ-নিৰ্বাচনত ভুলকৰিবলৈ ওলাইছোঁ।
 থাওৰা সমষ্টিত আঞ্চলিক গণ মৰ্চাই কৃষ্ণ গগৈলৈ সমৰ্থন আগবঢ়াব।ইয়াৰ বিপৰীতে অন্য ৪টা সমষ্টিত বিজেপি বিৰোধীৰ শক্তিশালী প্ৰাৰ্থী গৰাকীক সমৰ্থন কৰিব বুলি সংবাদমেলৰ ভূঞাই জানিব দিয়ে।

আনহাতে উপ-নিৰ্বাচনক গণতন্ত্ৰৰ বহুৱালী আখ্যা দি সাংসদ ভূঞাই কয়-মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী বিধি উলংঘা কৰিছে।তাৰ পাছতো নীৰৱ ভূমিকাত অৱৰ্তীন আয়োগ।নিৰ্বাচন আয়োগ দাঁত-নখ নথকা অনুষ্ঠানলৈ পৰ্য্যবেক্ষিত হৈ আহিছে।আয়োগ স্বতন্ত্ৰ হৈ থকা নাই, চৰকাৰৰ পুতলা হৈছে নিৰ্বাচন আয়োগ- ভূঞাই কয়।

আনহাতে, আদৰ্শ নোহোৱা নেতাক  এসেকা দিয়া বাবে আহ্বান জনাই মৰিয়নি-থাওৰাৰ জনতাক।

ইফালে আঞ্চলিক গণ মৰ্চাত বুধবাৰে বহুকেইজন সদস্যৰউপস্থিতিত  ভূঞাইযোগদান কৰে।

Your Comments