নিউজ ডেস্ক:
ৰাজ্যৰ পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফলক লৈ বিজেপি সভাপতি ভৱেশ কলিতাৰ ভৱিষ্যতবাণী।কোন সমষ্টিত কিমান ভোটত মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হ'ব তাৰ হিচাপ দিলে কলিতাই।সংবাদ মাধ্যমত উল্লেখ কৰা অনুসৰি ৫টা সমষ্টিতে জয়ী হ'ব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী।থাওৰা আৰু মৰিয়নিত বিজেপি প্ৰাৰ্থী জয়ৰ ব্যৱধান ৩০ হাজাৰৰ অধিক হ'ব।
আনহাতে, ভৱানীপুৰত ৩০হাজাৰ হোৱাৰ বিপৰীতে তামূলপুৰত জয়ৰ ব্যৱধান সৰ্বাধিক ৪০হাজাৰ ।গোঁসাইগাঁৱত ২০হাজাৰ ব্যৱধান লৈ জয়ী হ'ব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী।
উল্লেখ্য যে অহা ৩০অক্টোবৰত অনুষ্ঠিত হ'ব ৫সমষ্টিৰ নিৰ্বাচন।ইতিমধ্যে ৰাজনৈতিক দলসমূহে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান।২নৱেম্বৰত ঘোষণা হ'ব ফলাফল।
- Log in to post comments
- 13 views