নিউজ ডেস্ক:
অসমখন ভিন্ন জাতি উপজাতিৰ মিলনভূমি।যুগ যুগ ধৰি এই জাতিসত্তা সমুহে একতাৰ ডোলেৰে বান্ধ খাই অসমৰ সাহিত্য সংস্কৃতি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ অহৰহ চেষ্টা কৰি আহিছে।শেহতীয়াভাৱে কাছাৰ কাণ্ডত তৃতীয় শক্তি জড়িত হোৱাৰ সন্দেহ ঘনীভূত হৈছে।এই মন্তব্য নলবাৰীৰ বিধায়কগৰাকীয়ে নলবাৰী জিলা বিজেপিৰ অন্তৰ্গত বড়িগোগ বনভাগ মণ্ডলৰ মুখ্য কাৰ্যালয়টো উদ্বোধন কৰি বিধায়কগৰাকীয়ে অসমত বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন হোৱাৰ পিচৰে পৰা এটা অপশক্তিয়ে ৰাজ্যখনত অশান্তিৰ বীজ সিচিবলৈ অহৰহ চেষ্টা চলাই থকা বুলি মন্তব্য কৰি কাছাৰত সংঘটিত শেহতীয়া ঘটনা ইয়াৰ প্ৰতিফলন বুলি ব্যক্ত কৰে। ঘগ্ৰাপাৰ তামুলপুৰ পথৰ বহুমুখী সমবায় সন্মুখত( ঊষা ভৱন) দলটোৰ নতুনকৈ স্থাপিত কাৰ্যালয়টো উদ্বোধন কৰি বিধায়কগৰাকীয়ে সমাগত বিধানসভা উপনিৰ্বাচনত বিজেপি মিত্ৰদলে আটাইকেইখন আসনে দখল কৰিব বুলি দাবী কৰি কংগ্ৰেছক স্বাভাৱিমান অসমীয়াই কাহানিবাই বিদায় দিয়া বুলি মন্তব্য কৰে।কংগ্ৰেছৰ এটা অচল মুদ্ৰাত পৰিণত হোৱা বুলি ইতিকিং কৰে।
ভবানীপুৰ সমষ্টিত প্ৰায় ৩০ হেজাৰ ভোটত ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰ জোটৰ প্ৰাৰ্থী জয়ী হ'ব।
ইপিনে বিধায়ক বৰুৱাৰ ৫০ সংখ্যক জন্ম দিনৰ সংগতি ৰাখি আজি বিধায়কগৰাকীয়ে ঘগ্ৰাপাৰ দামোদৰ ধাম ৫০ জোপা মুল্যবান গছপুলি ৰোপণ কৰে। কাৰ্য্যলয় শুভাৰম্ভ অনুষ্ঠানত অসমৰ জনপ্ৰিয় নাগাৰা নামৰ জনপ্ৰিয় শিল্পী পাঠক কৈলাশ তালুকদাৰে নাম পৰিৱেশন কৰে। আজি এই অনুষ্ঠানত বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা, সাধাৰণ সম্পাদক মনোজ ডেকা,বিজয় বৰ্মন,ভাৰতীয় জনতা যূৱ মৰ্চাৰ নীতি আৰু গৱেষণা বিভাগৰ ৰাজ্যিক আহ্বায়ক জিতাংকুৰ দাস,কিষাণ মৰ্চাৰ ৰাজ্যিক সম্পাদক সঞ্জীৱ বৰা,পূৱ বনভাগ আঞ্চলিক পঞ্চায়তৰ সদস্য মনিকা ভৰালীকে ধৰি দলটোৰ বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মীয়ে।
- Log in to post comments
- 12 views