বিদেশী ৰাষ্ট্রনেতাই দিয়া উপহাৰ বিক্রী কৰিছে ইমৰান খানে! অভিযোগ বিৰোধীদলৰ

A




নিউজ ডেস্ক:
বিদেশী ৰাষ্ট্রনেতাই দিয়া উপহাৰ বিক্রী কৰাৰ অভিযোগ উঠিল পাক প্রধানমন্ত্রী ইমৰান খানৰ বিৰুদ্ধে। দেশৰ প্রধান বিৰোধী দল পাকিস্তান মুছলিম লিগ ৰ সহ-সভানেত্রী মৰিয়ম নওয়াজ-সহ একাধিক বিৰোধী নেতাই এই অভিযোগ তুলিছে ইমৰান খানৰ বিৰুদ্ধে।
টুইটাৰত মৰিয়ম নওয়াজে অভিযোগ উথ্থাপন কৰি কয় যে,'প্রধানমন্ত্রী হিচাবে বিদেশী ৰাষ্ট্রনেতাৰ পৰা পোৱা প্রায় ১০ লক্ষ ডলাৰৰ (প্রায় চাৰে সাত কোটি টকা) ‘চৰকাৰী’ উপহাৰ সামগ্রী নিয়ম ভাঙি বিক্রী কৰিছে ইমৰানে।' প্রাক্তন পাক প্রধানমন্ত্রী নওয়াজ শ্বৰীফৰ কন্যাই লিখিছে যে, 'আপুনি (ইমৰান) চৰকাৰী কোষৰ সম্পত্তি বিক্রী কৰি দিছে ,আৰু মুখেৰে মদিনা ৰাজ্য প্রতিষ্ঠাৰ কথা কৈছে !’
উল্লেখ্য যে , ‘পাকিস্তান ডেম'ক্রেটিক মুভমেন্ট’ (পিডিএম)-ৰ নেতা মৌলানা ফজলুৰ ৰহমানেও ইমৰানৰ বিৰুদ্ধে আইন ভাঙি বিদেশী উপহাৰ বিক্ৰীৰ অভিযোগ তুলিছে । তেওঁ দাবী কৰা মতে সম্প্রতি ইমৰানে পশ্চিম এচিয়াৰ কোনো এখন দেশৰ পৰা ৰত্নখচিত হাতঘড়ী উপহাৰ হিচাবে পাইছিল। কিন্তু সেইটোও তেওঁ বহু কোটি টকাৰ বিনিময়ত ডুবাইৰ এক ব্যবসায়ীৰ ওচৰত বিক্রী কৰিছে ।
গুৰুত্বপূৰ্ণ কথা এই যে, পাকিস্তানৰ নিয়ম অনুযায়ী বিদেশী ৰাষ্ট্রনেতাৰ পৰা ৰাষ্ট্রপতি, প্রধানমন্ত্রী বা অন্য মন্ত্রীয়ে যি উপহাৰ লাভ কৰে , সেইসমূহ চৰকাৰী কোষাগাৰত জমা দিব লাগে । 

Your Comments