মন্ত্ৰী সিদ্ধাৰ্থৰ ৰৱৰ্ট ব্যৰ্থ, গুৱাহাটীৰ কৃত্ৰিম বান ৰোধিবলৈ এইবাৰ পৌৰ নিগমত চুপাৰ চাকাৰ

A

 

B

নিউজ ডেস্ক:

গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান ৰোধত পৌৰ নিগমৰ লাখ টকীয়া ৰবৰ্ট ব্যৰ্থ হ'ল।গুৱাহাটী উন্নয়নৰ প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ব্যয় বহুল শুভাৰম্ভনি অনুষ্ঠানত মুকলি কৰা ৰৱৰ্টে মহানগৰীৰ নলা-নৰ্দমা কিমান পৰিষ্কাৰ কৰিলে গুৱাহাটীৰ জনতাই দেখিলে।এইবাৰ গুৱাহাটী জনতাক কৃত্ৰিম বানৰ পৰা উদ্ধাৰ কৰিবলৈ মন্ত্ৰী অশোক সিংহাল নেতৃত্বাধীন গুৱাহাটী পৌৰ নিগমে 
ক্ৰয় কৰিছে কোটি টকীয়া চুপাৰ চাকাৰ।দিল্লীৰ পৰা ক্ৰয় কৰি অনা অত্যাধুনিক চুপাৰ চাকাৰ বুধবাৰে নিশা চানমাৰিত পৰীক্ষামূলক ভাৱে আৰম্ভ কৰে।

নিগম কৰ্তৃপক্ষই অৱগত কৰা মতে -নলা-নৰ্দমাত জমা হৈ থকা বিভিন্ন জাবৰ আৰু বালি উলিয়াই আনিব ।

উল্লেখ্য যে পৌৰ নিগমে গুৱাহাটী মহানগৰীৰ বাবে ক্ৰয় কৰিব ১০খন চুপাৰ চাকাৰ।ইয়াৰ বাবে ব্যয় হৈছে ১০কোটি টকা-এই কথা অৱগত কৰে নিগম কৰ্তৃপক্ষই।

চানমাৰি প্ৰতিমা পাণ্ডে বৰুৱা প্ৰতিমূৰ্তিৰ সন্মুখৰ পৰা বুধবাৰে নিশা ৪খন চুপাৰ চাকাৰে নিষ্কাষণ কৰে নলা- নৰ্দমা।

Your Comments