চিকিৎসাৰ অভাৱত চটফটাব লগীয়াত পৰিছে হোজাইৰ এগৰাকী দুৰ্ভগীয়া মহিলা

A


নিউজ ডেস্ক:

চিকিৎসাৰ অভাৱত চটফটাব লগীয়াত পৰিছে হোজাইৰ এগৰাকী দুৰ্ভগীয়া মহিলা।
মাটি ভেটি বিক্ৰী কৰি চিকিৎসা কৰাৰ পাছতো সুস্থ হৈ নুঠিল মহিলাগৰাকী।
হোজাই জিলাৰ উদালি চৌৰঙ্গীৰ মায়াৰুণ নেতা(৬৫)নামৰ এগৰাকী মহিলাৰ কৰুণ দৃশ্য।বিগত এটা বছৰে এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত মহিলাগৰাকী।
 এটা বছৰৰ পৰা আক্ৰান্ত হ'ল কোনো দুৰাৰোগ্য ৰোগত।

মাটিবাৰী বিক্ৰী কৰি মাতৃৰ চিকিৎসা কৰাইছে যদিও সুস্থ কৰি তুলিবলৈ সক্ষম হোৱা নাই। আনহাতে মাটিবাৰী বিক্ৰী কৰি মাতৃৰ চিকিৎসা কৰি পৰিয়ালটো আৰ্থিকভাৱে দুৰ্বল হৈ পৰিছে,সেয়ে উপায়ন্তৰ হৈ সংবাদ মাধ্যমৰ জড়িয়তে চৰকাৰ তথা কোনো বেচৰকাৰী সংস্থাৰ পৰা মহিলাগৰাকীৰ চিকিৎসাৰ বাবে সহায় ভিক্ষা মাগিছে।

Your Comments